মহাৰাষ্ট্ৰত কোন হ'ব মুখ্যমন্ত্ৰী? বিজেপিয়ে নিয়োগ কৰিলে পৰ্যবেক্ষক...

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এটা সপ্তাহ অতিক্ৰম কৰিলে যদিও মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে এতিয়াও কোনো স্পষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই মহাজুটি।

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰত কোন হব মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এটা সপ্তাহ অতিক্ৰম কৰিলে যদিও মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ে এতিয়াও কোনো স্পষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই মহাজুটি। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্তকেই মানি ল’ব বুলি কৈয়ো মহাজুটিৰ নিৰ্ধাৰিত বৈঠক এৰি জন্মগাঁৱলৈ গুছি যোৱা বিষয়টোৱে মুখ্যমন্ত্ৰী কেন্দ্ৰীক আভ্যন্তৰীণ সংঘাতক স্পষ্ট কৰি তুলিছিল। 

মুখ্যমন্ত্ৰী কেন্দ্ৰীক এন বিতৰ্ক আৰু উৎকণ্ঠাৰ মাজতে ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে শপতগ্ৰহণ অনুষ্ঠান। য’ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ সকলো শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মিত্ৰ দলৰ নেতৃত্ব।

মুখ্যমন্ত্ৰী নিৰ্বাচিত নোহোৱাকৈ এই শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি চলোৱা বিজেপিয়ে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়টো নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গুজৰাটৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীক পৰ্যবেক্ষক হিচাপে দায়িত্ব প্ৰদান কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিত উল্লেখ কৰিছে দলৰ সংসদীয় ব’ৰ্ডে মহাৰাষ্ট্ৰত বিধায়কসকলৰ নেতা নিৰ্বাচনৰ বাবে বিজয় ৰূপাণী আৰু নিৰ্মলা সীতাৰমণক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

জানিব পৰা মতে ৩ ডিচেম্বৰত মহাৰাষ্ট্ৰত নৱ নিৰ্বাচিত বিজেপি বিধায়কসকলৰ মাজত বৈঠক হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকতে বিধায়কসকলৰ নেতা অৰ্থাৎ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে, সদ্য সমাপ্ত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাজুটিয়ে মুঠ ২৮৮ খন আসনৰ ভিতৰত ২৩০ খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। মহাজুটিৰ অংশীদাৰ বিজেপিয়ে সৰ্বাধিক ১৩২ খন আসনত, একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাই ৫৭ খনত আৰু অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে  ৪১ খন আসনত বিজয় সাব্যস্ত কৰিছে।

বিজেপি একনাথ সিন্দে মহাৰাষ্ট্ৰ