Advertisment

ৰাহুলৰ কিয় এনে নিকৃষ্ট মানসিকতা? এক্সত ভিডিঅ' আপলোড কৰি বিজেপিৰ প্ৰশ্ন

মঙ্গলবালে অনুষ্ঠিত হোৱা সংবিধান দিৱসত ৰাহুল গান্ধীৰ এটা মুহূৰ্তক লৈ বিতৰ্কৰ সূচনা হৈছে। শাসকীয় বিজেপিয়ে অভিযোগ কৰিছে সংবিধানৰ দিৱসৰ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমান কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ মঙ্গলবালে অনুষ্ঠিত হোৱা সংবিধান দিৱসত ৰাহুল গান্ধীৰ এটা মুহূৰ্তক লৈ বিতৰ্কৰ সূচনা হৈছে। শাসকীয় বিজেপিয়ে অভিযোগ কৰিছে সংবিধানৰ দিৱসৰ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমান কৰিছে।

Advertisment

দলটোৱে এক্সত এই সন্দৰ্ভত এটা ভিডিঅ’ ক্লিপ আপলোড কৰি লিখিছে ৰাহুল গান্ধীৰ ইমান অহংকাৰ যে ৰাষ্ট্ৰপতিগৰাকীকো অভিবাদন নকৰিলে। উল্লেখ্য যে, আজি দেশৰ পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছিল সংবিধান দিৱস।

এই দিৱসতে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সংসদৰ দুয়োখন সদনৰ সংসদৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত আছিল উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষও। তেওঁলোকৰ লগতে আছিল ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী।

এই অনুষ্ঠানতে ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিবাদন নজনোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। এক্সত ভিডিঅ’ আপলোড কৰি বিজেপিয়ে ৰাষ্ট্ৰপতিগৰাকীক ৰাহুল গান্ধীয়ে অভিবাদন নকৰাৰ কথা উল্লেখ কৰি পুনৰ লিখিছে যে কেৱল জনজাতীয় সমাজৰ পৰা অহাৰ বাবে, মহিলা হোৱাৰ বাবেই ৰাজকুমাৰ ৰাহুল গান্ধীয়ে তেওঁক অভিবাদন নজনালে। লগতে বিজেপিয়ে প্ৰশ্ন কৰিছে ৰাহুলৰ কিয় এনে নিকৃষ্ট মানসিকতা?

বিজেপিয়ে এক্সত শ্বেয়াৰ কৰা এই ভিডিঅ’ত দেখা গৈছে ৰাষ্ট্ৰপতিগৰাকী নিজৰ আসনত বহাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে নিজৰ আসনত বহিছে। তেনে সময়তে কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁক থিয় হ'বলৈ কৈছে। 

সংবিধান দিৱস ৰাহুল গান্ধী সংসদৰ অধিৱেশন বিজেপি