কংগ্ৰেছলৈ বীৰ লাচিত সেনাৰ ঘিলামৰা আঞ্চলিক সমিতিৰ নেতৃত্ব

দলটোৰ আদৰ্শ আৰু জনদায়বদ্ধ নীতিৰ প্ৰতি আকৃষ্ট হৈ ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ্ৰ হাজৰিকা আৰু সক্ৰিয় সদস্য নিতু শইকীয়াই ঘিলামৰা ৰাজীৱ ভৱনত উপস্থিত হৈ ভাৰতীয় জাতীয় কংগ্রেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কংগ্রেছ দলত যোগদান

কংগ্রেছ দলত যোগদান

ডিজিটেল সংবাদ, ঢকুৱাখনা: বীৰ লাচিত সেনা,অসমৰ ঘিলামৰা আঞ্চলিক সমিতিৰ শীর্ষ নেতৃত্বই বৃহস্পতিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে । দলটোৰ আদৰ্শ আৰু জনদায়বদ্ধ নীতিৰ প্ৰতি আকৃষ্ট হৈ ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ্ৰ হাজৰিকা আৰু সক্ৰিয় সদস্য নিতু শইকীয়াই ঘিলামৰা ৰাজীৱ ভৱনত উপস্থিত হৈ ভাৰতীয় জাতীয় কংগ্রেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । 

এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্রেছ সমিতিৰ মুখপাত্ৰ ডঃ সুৰজিৎ দলে, ১৫ /১ নং ঘিলামৰা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ মনোনীত প্ৰাৰ্থী দেৱজিত হাজৰিকা, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ কোঁচ আৰু ঘিলামৰা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি পূৰ্বাহ্ন বুঢ়াগোহাঁইৰ উপস্থিতিত কংগ্রেছ দলত যোগদান কৰে দুই নেতাই। সাম্প্রতিক ৰাজ্যৰ ৰাজনীতিত শাসক দলৰ টোঘলকী শাসন ব্যৱস্থা, স্বেচ্ছাচাৰী নীতি আৰু হিতাধিকাৰী সৰ্বস্ব পৰিকল্পনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ দুই নেতাই এখন সুষ্ঠ, স্বচ্ছ, জনদায়বদ্ধ সমাজ গঢ়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি পতিয়ন গৈ এই দলটোত যোগদান কৰা বুলি মন্তব্য কৰে নবাগত নেতৃত্বই । সমৰ্থক সহ দলটোত যোগদান কৰা নেতৃত্বক  কংগ্ৰেছৰ ৰাজ্যিক নেতা ডঃ দলেযে ফুলাম গামোচা আৰু দলীয় বস্ত্ৰৰে আদৰণি জনায়।

বীৰ লাচিত সেনা কংগ্ৰেছ