গুজৰাটত 'বিপৰ্যয়'ৰ তাণ্ডৱ : মূহুৰ্ততে সলনি কেইবাখনো গাঁৱৰ মানচিত্ৰ

গুজৰাটত 'বিপৰ্যয়'ৰ তাণ্ডৱ : মূহুৰ্ততে সলনি কেইবাখনো গাঁৱৰ মানচিত্ৰ

ডিজিটেল ডেস্ক : গুজৰাটৰ উপকূলীয় অঞ্চলসমূহত ক্ৰমে ত্ৰাসৰ সৃষ্টি কৰিছে 'বিপৰ্যয়' ঘূৰ্ণী বতাহে। শনিবাৰে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে ঘূৰ্ণী বতাহ বিপৰ্যয়ে।

প্ৰচণ্ড গতিবেগেৰে অহা বতাহজাকে মূহুৰ্ততে গছ-গছনি,পশু ফাৰ্ম,বিজুলী খুঁটা ইত্যাদি ভাগি-ছিগি চূৰমাৰ কৰে। সলনি কৰি দিছে কেইবাখনো গাঁৱৰ মানচিত্ৰ। জানিব পৰা অনুসৰি জাখৌ বন্দৰৰ ওচৰৰ গাঁৱসমূহত সম্পূৰ্ণৰূপে ধ্বংসলীলা চলাই বিপৰ্যয়ে।

বিপৰ্যয়ে বিস্তৰ ক্ষতিসাধন কৰিছে অঞ্চলটোৰ মাছমৰীয়া লোকসকলৰ। অৱশ্যে বতৰ বিজ্ঞানে জাৰি কৰা আগজাননীৰ বাবেই বৰ্তমানলৈকে কোনোলোক আহত হোৱা নাই।

আনহাতে ৰাজ্যখনৰ কোনো কোনো অঞ্চলত বিগত দুদিনমান ধৰি ধাৰাসাৰ বৰষুণৰো সৃষ্টি হৈছে। ৰাজস্থানতো বিপৰ্যয়ৰ ফলত সৃষ্টি হৈছে প্ৰবল বৃষ্টিপাত।

গুজৰাটত 'বিপৰ্যয়'ৰ তাণ্ডৱ : মূহুৰ্ততে সলনি কেইবাখনো গাঁৱৰ মানচিত্ৰ
মিজোৰামত বুজন পৰিমাণৰ গাঞ্জা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in