জামিনৰ ১০০০ দিন পূৰ্বেই মুক্তি লাভ কৰিছিল বিলকিছ বানোৰ ধৰ্ষণকাৰীয়ে...

author-image
Asomiya Pratidin
New Update
জামিনৰ ১০০০ দিন পূৰ্বেই মুক্তি লাভ কৰিছিল বিলকিছ বানোৰ ধৰ্ষণকাৰীয়ে...

ডিজিটেল ডেস্ক : ২০০২ চনৰ গুজৰাটৰ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষই সমগ্ৰ দেশ কপাই যোৱাৰ মাজতেই ৰাজ্যখনত সংঘটিত হৈছিল আন এক ঘৃণনীয় অপৰাধ । বিলকিছ বানো নামৰ মহিলা গৰাকীক এটি দলে দলবদ্ধ ধৰ্ষণ কৰাৰ ওপৰিও হত্যা কৰিছিল বানোৰ পৰিয়ালৰ ১৪ গৰাকীকৈ লোকক । ২০০৮ বৰ্ষতহে আদালতে দোষী সাব্যস্ত কৰি দলটোৰ ১১ জন অপৰাধীক যাজ্জীৱন কাৰাদণ্ড বিহিছিল ।

Advertisment

কিন্তু প্ৰায় ১৪ বছৰ কাৰাবাস খটাৰ পাছত স্বাধীনতা ৭৫তম বৰ্ষপুতি উপলক্ষে অপৰাধী কেইগৰাকীৰ বয়স আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সময়তকৈ আগতেই মুকলি কৰি দিছিল ২০২২ বৰ্ষৰ ১৫ আগষ্টত ।

মুকলি লাভ কৰাৰ দিনা ফুলৰ মালাৰে অপৰাধী কেইগৰাকীক পৰিয়ালৰ লোকে সম্বৰ্ধনা জনোৱা কাৰ্যই দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনামা ।

তাৰ পাছত শেহতীয়া আন এক খবৰে পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ । মুক্তিৰ ১০০০ দিন পূৰ্বেই মুকলি কৰি দিয়া হৈছিল হেনো অপৰাধী কেইগৰাকীক । ১১ জনীয়া দলটোৰ এগৰাকী অপৰাধীয়ে মুক্তিৰ ১৫০০ দিন পূৰ্বেই লাভ কৰিলে জামিন । এই সন্দৰ্ভত, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আৰু এক বিশেষ আদালতে চৰম আপত্তি জনোৱাৰ পাছতো গুজৰাট চৰকাৰৰ হস্তক্ষেপত মুক্তি লাভ কৰিছিল অপৰাধী কেইজনে ।

bilkis bano gujrat