সংশোধিত ভোটাৰ তালিকাত নাম নাহিল তেজস্বী যাদৱৰ ! নিৰ্বাচন আয়োগে দিলে প্ৰত্যুত্তৰ...

সংশোধিত ভোটাৰ তালিকাত নাম নাহিল তেজস্বী যাদৱৰ ! বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ নাম ভোটাৰ তালিকাত নহাত এতিয়া বিহাৰৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহাৰ। 

author-image
Asomiya Pratidin
New Update
সংশোধিত ভোটাৰ তালিকাত নাম নাহিল তেজস্বী যাদৱৰ ! নিৰ্বাচন আয়োগে দিলে প্ৰত্যুত্তৰ...

ডিজিটেল ডেস্কঃ সংশোধিত ভোটাৰ তালিকাত নাম নাহিল তেজস্বী যাদৱৰ ! বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ নাম ভোটাৰ তালিকাত নহাত এতিয়া বিহাৰৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহাৰ। 

উল্লেখ্য যে, শুকুৰবাৰে প্ৰকাশ পাইছিল বিহাৰৰ সংশোধিত ভোটাৰ তালিকাৰ খচৰা। তাৰ পিছতেই লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজস্বীয়ে দাবী কৰিছে এই তালিকাত নাই তেওঁৰ নাম। সেয়ে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে কিদৰে আগন্তুক নিৰ্বাচনত তেওঁ কৰিব প্ৰতিদ্বন্দিতা? 

এক সংবাদ মেল সম্বোধন কৰি তেজস্বীয়ে দাবী কৰি কয় যে, সংশোধিত ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ দিয়া হৈছে। অথচ তেওঁ বি এল অ’লৈ গৈ উপযুক্ত নথি-পত্ৰৰে ভোটাৰ তালিকাৰ প্ৰ-পত্ৰ পূৰণ কৰিছিল।

কিন্তু তাৰ পিছতো তেওঁৰ নাম সংশোধিত ভোটাৰ তালিকাত নাই। তেজস্বীয়ে কয়, নিৰ্বাচন আয়োগৰ ৱেবছাইটত তেওঁৰ ই পি আই চি নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিছিল যদিও তালিকাত তেওঁৰ নাম দেখা নাই। সেয়ে এতিয়া তেওঁ প্ৰশ্ন কৰিছে, ভোটাৰ তালিকাত মোৰ নাম নাথাকিলে মই কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম? 

তেজস্বীয়ে লগতে কয় যে প্ৰকাশিত সংশোধিত ভোটাৰ তালিকাৰ খচৰাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে। যি বিহাৰৰ মুঠ ভোটাৰৰ ৮.৫ শতাংশ। 

উল্লেখ্য যে, বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনীক লৈ বিহাৰৰ ৰাজনীতি গৰম হৈ থকাৰ লগতে এই বিষয়টোৱে সংসদৰ পৰিবেশো উত্তাল কৰিছে। আনকি এই বিষয়টো উচ্চতম মজিয়াও পাইছেগৈ।

এনে বিতৰ্ক আৰু অস্থিৰ ৰাজনৈতিক পৰিবেশৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে বিহাৰৰ সংশোধিত ভোটাৰ তালিকাৰ খচৰ। অৱশ্যে এই সংশোধিত ভোটাৰ তালিকাৰ খচৰাত ভোটাৰৰ ঠিকনা, বুথ নম্বৰ, ইপিআইচি নম্বৰ নাথাকে। 

ফলত কাৰ নাম বাদ পৰিছে সেই বিষয়ে জানিব পৰাৰ কোনো উপায় নাই। তেজস্বীৰ এই দাবীৰ পিছতে তৃণমূলৰ মুখপাত্ৰ অৰূপ চক্ৰৱৰ্তীয়ে কয় যে, নিৰ্বাচন আয়োগে বিজেপিৰ হৈ ষড়যন্ত্ৰত লিপ্ত হৈছে।বিৰোধী দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়াৰ ষড়যন্ত্ৰ ৰচিছে। যদি ভোটাৰ তালিকাত তেজস্বীৰ নাম নাথাকে, তেন্তে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

কিন্তু আয়োগে তেজস্বী যাদৱৰ এই দাবীক খণ্ডন কৰিছে। আয়োগে তেজস্বীৰ নাম থকা এখন নথি প্ৰকাশ কৰি কয় যে, তেজস্বীয়ে হয়তো পুৰণি ইপিআইচি নম্বৰৰ সৈতে তেওঁৰ নাম তালিকাত বিচাৰিছে, সেয়েহে তেওঁৰ নাম তালিকাত দেখুওৱা নাই।কিন্তু খচৰাত তেজস্বীৰ নাম এটা নিৰ্দিষ্ট স্থানত আছে। 

নিৰ্বাচন আয়োগ তেজস্বী যাদৱ বিহাৰ