/asomiyapratidin/media/media_files/2025/05/01/MUzyKlMgJsiZeYNdG551.jpg)
ডিজিটেল ডেস্কঃ যুদ্ধ উত্তেজনাৰ মাজত ভাৰত-পাকিস্তান সীমান্তত আন এক সমস্যা গা কৰি উঠিছে। ভাৰত চৰকাৰ নিৰ্দেশ অনুসৰিয়েই ভাৰতত থকা পাকিস্তানী নাগৰিকে দেশখনলৈ ঘূৰি গৈছে যদিও আজি আত্তাৰী-ৱাগা সীমান্তত থকা পাকিস্তানৰ ৰিচিভিং কাউণ্টাৰ বন্ধ কৰি দিয়াৰ ফলত পাকিস্তানী লোকসকল সীমান্তত আৱদ্ধ হৈ পৰিছে।
পাকিস্তানে ভাৰতৰ পৰা ঘূৰি যোৱা পাকিস্তানী নাগৰিকসকলক ঘূৰাই লোৱাত অস্বীকাৰ কৰাত আন এক কূটনৈতিক সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজি পুৱা ৮ বজাৰ পৰা পাকিস্তানে আত্তাৰী-ৱাগা সীমান্তত থকা দেশখনৰ ৰিচিভিং কাউণ্টাৰ বন্ধ কৰি দিছে।
ফলত পাকিস্তানলৈ উভতি যাবলৈ বিচৰা শিশু, মহিলা, বৃদ্ধকে ধৰি বহু লোক সীমান্তত আশ্ৰয়হীন হৈ পৰিছে। পাকিস্তানে কোনো আগজাননী নিদিয়াকৈ গ্ৰহণ কৰা এই স্থিতিত এতিয়া সীমান্তত আন এক উত্তেজনাৰ সৃষ্টি হৈছে। ফলত এই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
ইফালে এই খবৰ বিয়পি পৰাৰ লগতে সামাজিক মাধ্যমত বিষয়টোক লৈ নানান ধৰণে চৰ্চা হোৱাৰ লগতে পাকিস্তানক একমুখে সকলোৱে ধিক্বাৰ দিছে। নিজ দেশৰ নাগৰিকক বলিৰ পঠা সজাই পাকিস্তানে আৰম্ভ কৰা এই নিকৃষ্ট কূটনীতিয়ে সাধাৰণ এই লোকসকলক মহা বিপদত পেলাইছে।
উল্লেখ্য যে, পূৰ্বৰ নিৰ্দেশনা শিথিল কৰি ভাৰত চৰকাৰে আত্তৰী-ৱাগা সীমান্ত ৩০ এপ্ৰিললৈ খুলি ৰাখিছে। যাতে ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে সমস্যা অবিহনে এই পথেৰে স্বদেশলৈ উভতি যাব পাৰে। ভাৰত চৰকাৰৰ এনে মানৱীয় সিদ্ধান্তৰ বিপৰীতে পাকিস্তানৰ নিকৃষ্ট কূটনীতিয়ে দেশখনৰ নেতৃত্বৰ সাধাৰণ নাগৰিকৰ প্ৰতি দায়বদ্ধতাৰ আচল স্বৰূপ উন্মোচিত কৰিছে।
২২ এপ্ৰিলৰ পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ পাছত ভাৰত চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে শ শ পাকিস্তানী নাগৰিকে ভাৰত ত্যাগ কৰিছে। কিন্তু এতিয়াও যথেষ্ট সংখ্যক পাকিস্তানী ভাৰততে আছে। তথ্য অনুসৰি যোৱা এটা সপ্তাহত প্ৰায় ৮০০ নাগৰিকে আত্তাৰী-ৱাগাহ সীমান্তৰে পাকিস্তানী নাগৰিক স্বদেশলৈ উভতি গৈছে।
ইয়াৰ ভিতৰত ৫৫ জন কূটনীতিবিদ আৰু তেওঁলোকৰ সহায়কাৰীও আছে। একেদৰে পাকিস্তানৰ পৰা উভতি আহিছে ১৫০০ ভাৰতীয় নাগৰিক।