ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত ইডিৰ অভিযানঃ নগদ ধন, নথি-পত্ৰ জব্দ...

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ বাসগৃহৰ পৰা ইডিয়ে জব্দ কৰিছে বিপুল পৰিমাণৰ ধন। সোমবাৰে ইডিৰ তদন্তকাৰী দলে ভূপেশ বাঘেলৰ বাসগৃহত চলাইছিল অভিযান।

author-image
Tushar Pratim
New Update
ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ঘৰত ইডিৰ অভিযানঃ নগদ ধন, নথি-পত্ৰ জব্দ...

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ বাসগৃহৰ পৰা ইডিয়ে জব্দ কৰিছে বিপুল পৰিমাণৰ ধন। সোমবাৰে ইডিৰ এটা তদন্তকাৰী দলে ভূপেশ বাঘেলৰ বাসগৃহত চলাইছিল অভিযান।

Advertisment

এই অভিযানৰ সময়তে উদ্ধাৰ হোৱা ধনৰ দেখি অভিযানকাৰী দলটোৱে সেয়া হিচাপ কৰিবলৈ টকা গণনা কৰা মেচিন আনিবলগীয়া হয়। তাৰোপৰি অভিযানকাৰী দলটোৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰও উদ্ধাৰ কৰিছে।

সন্দেহ অনুসৰি তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা এই নথি-পত্ৰসমূহ মূলতঃ আবকাৰী দুৰ্নীতি আৰু বিত্তীয় খেলিমেলি গোচৰৰ সৈতে জড়িত। উল্লেখ্য যে, সোমবাৰে ইডিয়ে ছত্তিশগড়ত মুঠ ১৪ টা স্থানত অভিযান চলাইছিল। তাৰ ভিতৰত ভূপেশ বাঘেল আৰু তেওঁৰ পুত্ৰ চৈতন্যৰ বাসগৃহতো অভিযান চলাইছিল দুটাকৈ দলে।

ইয়াৰ পূৰ্বেও ইডিয়ে ছত্তিশগড়ত অভিযান চলাই কেইবাজনো চৰকাৰী বিষয়া, কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল। ২০১৯ৰ পৰা ২০২৩ চনৰ ভিতৰত আবকাৰী খণ্ডত ২১০০ কোটিতকৈ অধিক টকাৰ খেলিমেলিৰ এক গোচৰত ইডিয়ে এই অভিযান চলাই আছে।

ইডিয়ে সন্দেহ কৰিছে আন ৰাজ্যৰ নেতা, চৰকাৰী কৰ্মচাৰীৰ সৈতে ভূপেশ বাঘেল আৰু তেওঁৰ পুত্ৰও এই দুৰ্নীতিৰ লগত জড়িত। সোমবাৰে ইডিয়ে বাঘেলৰ পৰা প্ৰায় ৩৩ লাখ নগদ ধন জব্দ কৰিছে।

এই সন্দৰ্ভত এক্স হেণ্ডেলৰ জৰিয়তে ভূপেশ বাঘেলে তেওঁৰ ঘৰৰ পৰা জব্দ কৰা ধন তেওঁলোকৰ পৰিয়ালৰ কৃষি, দুগ্ধ আৰু ব্যৱসায় সম্পৰ্কীয় বুলিহে উল্লেখ কৰিছে। তেওঁ এক্স হেণ্ডেলত লিখিছে,  ‘ৰমন সিঙৰ ভাতৃ পুনীত গুপ্তা আৰু মন্তুৰমৰ মাজত আৰ্থিক লেনদেন সন্দৰ্ভত হোৱা কথা-বতৰাৰ এটা পেন ড্ৰাইভ, ৰমন সিঙৰ পুত্ৰ অভিষেক সিঙৰ চেল কোম্পানীৰ কিছু নথি-পত্ৰ লৈ গৈছে। তদুপৰি আমাৰ পৰিয়ালৰ খেতি, দুগ্ধ আৰু ব্যৱসায় সম্পৰ্কীয় ঘৰৰ পৰা নগদ ৩৩ লাখ টকা জব্দ কৰিছে ইডিয়ে। এই ধন বৈধ বুলি আমি ইডিৰ ওচৰত সকলো প্ৰমাণ দাখিল কৰিম।’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "নোট গণনা মেচিন আনি সংস্থাটোৱে এনে এক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যেন ঘৰৰ পৰা বিপুল পৰিমাণৰ ধন উদ্ধাৰ হৈছে। এয়া বহুত টকা বুলি মই নাভাবো। আচলতে বিধানসভাত বিজেপিক প্ৰশ্ন কৰাৰ শাস্তি এয়াই।"

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০২২ চনৰ মে’ মাহত আয়কৰ বিভাগে পি এম এল এ আইনৰ অধীনত এটা গোচৰৰ তদন্ত কৰিছিল। গোচৰৰ তদন্তৰ সময়ত ইডিয়ে আবকাৰী দুৰ্নীতিৰ বিষয়টো পোহৰলৈ আনিছিল।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এক বিবৃতিত দাবী কৰিছে যে, ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ছত্তীশগড়ৰ আবকাৰী বিষয়ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। সুৰাৰ প্ৰতিটো বটল বিক্ৰীত দুৰ্নীতি হৈছিল। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা হৈছিল। কিন্তু ভূপেশ বাঘেলে ইডিৰ সকলো দাবী আৰু অভিযোগ খণ্ডন কৰিছে।

ইডি ছত্তিশগড় ভূপেশ বাঘেল