মধ্যপ্ৰদেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্ৰধানমন্ত্ৰী মোডীৰ...

শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাণী কমলাপতি ষ্টেচনত ভূপাল-নতুন দিল্লী ৰে'ল খনৰ শুভাৰম্ভ কৰে । এই খন হৈছে দেশৰ ১১ সংখ্যক খন বন্দে ভাৰত এক্সপ্ৰেছ । ৰেলখনে ৭.৪৫ ঘণ্টাত ৭০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ।
বন্দে ভাৰত এক্সপ্ৰেছ মুকলি
বন্দে ভাৰত এক্সপ্ৰেছ মুকলি

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাণী কমলাপতি ষ্টেচনত ভূপাল-নতুন দিল্লী ৰে'ল খনৰ শুভাৰম্ভ কৰে । এই খন হৈছে দেশৰ ১১ সংখ্যক খন বন্দে ভাৰত এক্সপ্ৰেছ । ৰেলখনে ৭.৪৫ ঘণ্টাত ৭০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ।

ৰেলখন উদ্ধোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় বন্দে ভাৰত এক্সপ্ৰেছ হৈছে দেশৰ উন্নয়নৰ উন্নয়ণৰ প্ৰতীক । লগতে তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে পূৰ্বৰ চৰকাৰে এটা পৰিয়ালক হে অকল গুৰিত্ব দিছিল ।দেশৰ মধ্যবিত্তৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল । লগতে দেশৰ প্ৰধানমত্ৰীগৰাকীয়ে কয় ৰে’ল সেৱা হৈছে সাধাৰণ মানুহৰ বাবে ।

পূৰ্বৰ চৰকাৰ খনে আৱন্তন কৰা ৬০০ কোটি ৰে'ল বাজেটৰ বিপৰীতে ৰাজ্যখনৰ ৰে'লৱেৰ বাবে আৱণ্টন কৰা হৈছে ১৩,০০০ কোটি টকা বুলিও উদ্ধোধনী অনুষ্ঠানত মন্তব্য কৰি কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে মোডীয়ে । লগতে তেওঁ কয় যোৱা ৯ বছৰে ভাৰতৰ ৰে’ল সেৱাক বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ প্ৰয়াস কৰি থকা হৈছে । এই প্ৰচেষ্টাই দেশত নতুন নিযুক্তিৰ সুযোগ দিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বন্দে ভাৰত এক্সপ্ৰেছ মুকলি
কাৰ পক্ষত আপুনি, এল এছ জি নে দিল্লী? চাওঁক কাৰ শক্তি কিমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in