/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fdc02d65-ec4a-494e-ac28-780b68525196/105.jpg)
ডিজিটেল ডেস্ক : আজি ২৪ এপ্ৰিল। মহান খেলুৱৈ তথা ক্ৰিকেটৰ ভগৱানসদৃশ শচীন ৰমেশ তেণ্ডুলকাৰৰ আজি ওপজাদিন।
১৯৭৩ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শচীন তেণ্ডুলকাৰে পালন কৰিব ৫১ সংখ্যক ওপজাদিন। তাৰকা খেলুৱৈগৰাকীৰ এই শুভক্ষণত ভালেসংখ্যক গুণমুগ্ধই জনাইছে শুভেচ্ছা।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় ক্ৰিকেট জগতলৈ মহান খেলুৱৈগৰাকীৰ আছে অপৰিসীম অৱদান। ২০০ খন আন্তৰ্জাতিক টেষ্ট মেচ আৰু ৪৬৩খন এদিনীয়া মেচ খেলি তেঁও সংগ্ৰহ কৰিছিল ৩৪,৩৪৭ৰান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/debd3dc8-66d4-4c20-8dc2-4194205df9f7/sachin_tendulkar_eisybb8oqr2hlw31.jpg)
২০১১ চনত ভাৰতে বিশ্বকাপ জয়ৰ খিতাপ অৰ্জন কৰাৰ ক্ষেত্ৰতো তাৰকাগৰাকীৰ আছে অন্যতম ভূমিকা। তেঁওৰ ঈৰ্ষণীয় সাফল্য আৰু দেশৰ ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে শচীন তেণ্ডুলকাৰক শ্ৰেষ্ঠ অসামৰিক সন্মান 'ভাৰত ৰত্ন' সন্মানেৰে বিভূষিত কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fba38f64-84a3-4bb9-b138-8240f90a1fc3/Pranab_Mukherjee_presented_the_Bharat_Ratna_Awards_2014_to_Prof__Chintamani_Nagesa_Ramachandra_Rao_a.jpg)
২০১৪চনত কেন্দ্ৰীয় চৰকাৰে তেঁওক এই সন্মান প্ৰদান কৰিছিল। ইয়াৰোপৰি বিভিন্ন সময়ত তেঁওক কেইবাটাও বঁটা, সন্মান আদিৰে বিভূষিত কৰা হৈছে।
Also Read: কোকৰাঝাৰৰ গোসাঁইনিচিনাত বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি