/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ec176d5d-3e22-44a1-83f2-d4cc96774958/AP_FOR_WEB_congress_.jpg)
আজিৰে পৰা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা...
ডিজিটেল ডেস্কঃ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে বাহিৰ কৰিছিল ভাৰত জোড়ো যাত্ৰা। শনিবাৰৰ পৰা সেই কংগ্ৰেছে পুনৰ ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা মুম্বাইলৈকে চলিব লগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ'ব।
মুঠ ৬৬ দিন ধৰি চলিবলগীয়া এই যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। অৱশ্যে পূৰ্বৰ ভাৰত জোড়ো যাত্ৰাৰ সৈতে ভাৰত জোড়ো ন্যায় যাত্ৰা হ'ব পৃথক।
পূৰ্বৰ ৰাহুল গান্ধীৰ যাত্ৰা আছিল কেৱল পদ যাত্ৰা। এইবাৰ এই যাত্ৰাত পদ যাত্ৰা, মাজে মাজে সভা আদি অনুষ্ঠিত হোৱাৰ লগতে বাহনতো যাত্ৰা কৰিব। মণিপুৰত আৰম্ভ হ'বলগীয়া এই যাত্ৰাক প্ৰথমে এন বীৰেন সিঙেৰ নেতৃত্বধানী বিজেপি চৰকাৰে অনুমতি প্ৰদান কৰা নাছিল যদিও শেহতীয়াকৈ বহু নিষেধাজ্ঞাৰ জৰিয়তে এই যাত্ৰা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে।
মণিপুৰত আৰম্ভ হোৱা এই যাত্ৰাই নাগালেণ্ডত প্ৰৱেশ কৰিব আৰু তাৰ পাছত আমগুৰিহৈ অসমত প্ৰৱেশ কৰি অৰুণাচললৈ যাত্ৰা কৰিব। তাৰ পাছত পুনৰ অসমলৈ আহি অন্য ৰাজ্যৰ দিশে গতি কৰিব।
মুঠ ৬৬ দিনৰ এই যাত্ৰাই সামৰি ল'ব ৬ হাজাৰ ৭০০ কিলোমিটাৰ পথ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্য স্পৰ্শ কৰি ২৫ জানুৱাৰীত পশ্চিমবংগত প্ৰৱেশ কৰিব এই যাত্ৰাই।
ऐ वतन, मेरे वतन
आबाद रहे तू 🇮🇳 pic.twitter.com/7pxXGjWdsK— Congress (@INCIndia) January 14, 2024
Also Read: গুৱাহাটীত উৰুকাৰ বজাৰত ওলাইছে ৪০ কেজি ওজনৰ মাছ...