Advertisment

মহাৰাষ্ট্ৰত অস্ত্ৰ নিৰ্মাণ কাৰখানাত বিস্ফোৰণঃ ৮ জন লোকৰ মৃত্যু...

শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ ভাণ্ড্ৰা জিলাত অস্ত্ৰ নিৰ্মাণ কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে। ৭ জনক উদ্ধাৰ কৰা হৈছে

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰত অস্ত্ৰ নিৰ্মাণ কাৰখানাত বিস্ফোৰণঃ ৮ জন লোকৰ মৃত্যু...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ ভাণ্ড্ৰা জিলাত অস্ত্ৰ নিৰ্মাণ কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে। জিলাখনৰ জৱাহৰ নগৰ অঞ্চলত থকা এই কাৰখানাত হোৱা বিস্ফোৰণৰ পাছত বহু কেইজন শ্ৰমিক তাত আৱদ্ধ হৈ আছিল। আৱদ্ধ শ্ৰমিকসকলৰ মাজৰ পৰা ৭ জনক উদ্ধাৰ কৰা হৈছে।

Advertisment

জিলা তথ্য কাৰ্যালয়ৰ ফালৰ পৰা দিনৰ ২:২৬ বজাত এক্সত জনোৱা অনুসৰি তেতিয়ালৈকে ৭ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু এজন লোক নিহত হৈছে। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে ৬ ৰ পৰা ৭ জন লোক। তেওঁলোকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।

উদ্ধাৰ কাৰ্যত নামিছে এন ডি এফৰ দল। তাৰোপৰি আছে এছ ডি আৰ এফ, এন এম চি আৰু স্থানীয় উদ্ধাৰকাৰী। এন ডি আৰ এফৰ পৰা জাৰি কৰা চৰকাৰী বিজ্ঞপ্তি অনুসৰি, আজি পুৱা প্ৰায় ১০.৩০ বজাত ভাণ্ডাৰাৰ জৱাহৰ নগৰৰ প্ৰতিৰক্ষা কাৰখানাত এটা বিস্ফোৰণ সংঘটিত হয়।

ঘটনাটোৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু কাষৰ অট্টালিকাটো খহি পৰিছিল। প্ৰথমতে, সেই স্থানত ১৩ জন ব্যক্তি আৱদ্ধ হোৱাৰ খবৰ পোৱা গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ এন ডি আৰ এফক দলটোক তাৎক্ষণিকভাৱে নিয়োজিত কৰা হৈছে।

আনহাতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এই ঘটনাত শোক প্ৰকাশ কৰিছে আৰু উদ্ধাৰকাৰ্য তৎপৰতাৰে চলাবলৈ নিৰ্দেশ দিছে। তাৰোপৰি ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে। জিলাখনৰ আয়ক্তগৰাকীৰ মতে ধ্বংসাৱশেষৰ মাজত ১২ জন শ্ৰমিক আৱদ্ধ হৈ আছে। 

ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শোক প্ৰকাশ কৰিছে। 

 

মহাৰাষ্ট্ৰ বিস্ফোৰণ