শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰীকে ধৰি বহু জ্যেষ্ঠ নেতা

শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰীকে ধৰি বহু জ্যেষ্ঠ নেতা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভজন লাল শৰ্মাই। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি বহু বিশিষ্ট ব্যক্তি।

ৰাজভৱনৰ এক বিবৃতিত অনুসৰি শপত গ্ৰহণ অনুষ্ঠান ১৫ ডিচেম্বৰত ৰাম নিৱাস বাগৰ এলবাৰ্ট হলৰ বাহিৰত অনুষ্ঠিত হ'ব। ৰাজ্যপাল কমলৰাজ মিশ্ৰই মুখ্যমন্ত্ৰী মনোনীত ভজন লাল শৰ্মাৰ শপত বাক্য পাঠ কৰাব। একেদিনাই উপ মুখ্যমন্ত্ৰী দীয়া কুমাৰী আৰু ড০ প্ৰেমচান্দ বৈৰৱাইও শপত গ্ৰহণ কৰিব।

এই সন্দৰ্ভত কালি ৰাজস্থান বিজেপিয়ে এক বৈঠক অনুষ্ঠিত কৰে য'ত শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানৰ আগতে ৰাজধানীৰ মুখ্য পথ আৰু প্ৰৱেশ দুৱাৰ সমূহ সজোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সকলো ৰাজহুৱা কল্যাণমূলক আঁচনি, বিজেপিৰ পতাকা আদি লগোৱা হ'ব।

উল্লেখ্য যে, ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰতেই ঘোষণা হৈছিল। কিন্তু ঘোষণা হোৱা নাছিল মুখ্যমন্ত্ৰীৰ নাম। জয় লাভ কৰাৰ প্ৰায় ৯ দিন পাছত বিজেপিয়ে ভজন লাল শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ে।

শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰীকে ধৰি বহু জ্যেষ্ঠ নেতা
সেনাই উদ্ধাৰ কৰিলে চিক্কিমত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in