মই এজন কৃষকৰ পুত্ৰ ,মোৰ দৰে সৰু নেতাক কেৱল বিজেপিয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব পাৰেঃ ভজন লাল শৰ্মা

মই এজন কৃষকৰ পুত্ৰ ,মোৰ দৰে সৰু নেতাক কেৱল বিজেপিয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব পাৰেঃ ভজন লাল শৰ্মা

author-image
Asomiya Pratidin
New Update
মই এজন কৃষকৰ পুত্ৰ ,মোৰ দৰে সৰু নেতাক কেৱল বিজেপিয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব পাৰেঃ ভজন লাল শৰ্মা

ডিজিটেল ডেস্কঃ মঙলবাৰে নিৰ্বাচন হয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী। ব্ৰাহ্মণ নেতা ভজন লাল শৰ্মাক ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে বিজেপিয়ে।

Advertisment

ভজন লাল শৰ্মাই মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজস্থানৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰা হ'ব। তেওঁ কয় কেৱল বিজেপিয়ে দলৰ সাধাৰণ কৰ্মীক সুযোগ দিয়ে। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়াত শৰ্মাই কয় যে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়ন নিশ্চিত কৰা হ'ব।

তেওঁ লগতে কয়, "মই আশ্বাস দিব বিচাৰো যে আমাৰ পৰা যি আশা কৰা হৈছে সেয়া আমি নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পূৰণ কৰিম। ৰাজস্থানৰ সম্পূৰ্ণ সৰ্বাধিক উন্নয়ন নিশ্চিত। মই আপোনালোক সকলোকে আশ্বাস দিছো।

বিজেপিৰ এই সিদ্ধান্তৰ বাবে কেন্দ্ৰ বা ৰাজ্যৰ বিজেপিৰ নেতাসকলক ধন্যবাদ জনায়। তেওঁ কয়, "সংগঠনটোৰ পৰা মোৰ দৰে এজন সৰু কৰ্মীক যি সন্মান প্ৰদান কৰা হৈছে সেয়া কেৱল বিজেপিয়েই কৰিব পাৰে। মই গাওঁখনৰ এজন কৃষকৰ পুত্ৰ আৰু মোক এই সুযোগ দিছে। ইয়াৰ বাবে মই ৰাজ্য আৰু কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জনাব বিচাৰো।

Also Read: মথুৰাপুৰত পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচীত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

bhajan lal sharma rajasthan