মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

দেশত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধমূলক ঘটনা। এইবোৰ ঘটনাই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বহু প্ৰশ্ন উত্থাপন কৰে।
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধমূলক ঘটনা। এইবোৰ ঘটনাই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বহু প্ৰশ্ন উত্থাপন কৰে। পুনৰ এক ধৰ্ষণ কাণ্ডৰ খবৰ পোহৰলৈ আহিছে বাংগালুৰৰ পৰা।

শুকুৰবাৰে আৰক্ষীয়ে কয় যে বাংগালুৰুত এগৰাকী মহিলাক এখন পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত চাৰিজনে দলবদ্ধ ধৰ্ষণ কৰে। চাৰিওজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন ক্ৰমে- সতীশ, বিজয়, শ্ৰীধৰ আৰু কিৰণ।

আৰক্ষীয়ে জনাই যে, ঘটনাটো ২৫ মাৰ্চত সংঘটিত হৈছিল। মহিলাগৰাকীয়ে কোৰামাঙ্গলাৰ নেচনেল গেমছ ভিলেজ পাৰ্কত এজন বন্ধুৰ সৈতে কথা পাতি আছিল। তেনে সময়তে এজন অভিযুক্ত দুয়োৰে ওচৰত গৈছিল আৰু নিশা পাৰ্কত বহি থকাৰ বাবে আপত্তি দৰ্শাইছিল।

যেতিয়া মহিলা গৰাকীৰ বন্ধু গুচি গৈছিল তেতিয়া এজন অভিযুক্তই অন্য ৩ জনক মাতি আনি তেওঁক পাৰ্কৰ পৰা টানি লৈ গৈছিল। তাৰ পাছতেই আটাইকেইজনে মিলি মহিলা গৰাকীক ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ মাজত পুৱতি নিশা প্ৰায় ৩ মাহ বজাত মহিলা গৰাকীক গাড়ীৰ পৰা ৰাজপথত এৰি থৈ গৈছিল।

এই ঘটনাৰ পাছতেই মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ অভিযুক্তক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ
আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in