তামুলপুৰৰৰ কুমাৰীকাটাৰ কালিপুৰত বাহন সহ কাঠৰ কুণ্ডা জব্দ

author-image
Asomiya Pratidin
New Update
তামুলপুৰৰৰ কুমাৰীকাটাৰ কালিপুৰত বাহন সহ কাঠৰ কুণ্ডা জব্দ

ডিজিটেল সংবাদ, তামুলপুৰ : তামুলপুৰৰ কুমাৰীকাটা বন বিভাগ আৰু ২৪ বাহিনী জি কোম্পানী এছ এছ বিৰ যৌথ অভিযানত নিশা জব্দ অবৈধ কাঠ ভৰ্তি দুখন ডি আই বাহন।

Advertisment

জব্দকৃত কাঠ খিনিৰ মূল্য তিনি লক্ষাধিক টকাৰো অধিক।নিশা ভাৰত-ভূটান সীমান্তৰ কালিপুৰৰ পৰা জব্দ কৰা হয় কাঠভৰ্তি দুয়োখন বাহনক। এছ এছ বি আৰু বন বিভাগক দেখি গাড়ী এৰি পলায়ন চালকৰ। জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে AS25 AC2447, আৰু AS01 DC6142।

নিশাই দুয়োখন গাড়ী লৈ অনা হয় কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত।এই পৰ্যন্ত চিনাক্ত হোৱা নাই জব্দকৃত অবৈধ কাঠৰ গৰাকীক। কুমাৰীকাটা বন বভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন্দ্ৰ বড়োই অব্যাহত ৰাখিছে ইয়াৰ তদন্ত।

forest department of assam