দুই শিক্ষয়িত্ৰীৰ মাৰপিটঃদৰ্শকৰ ৰূপত ছাত্ৰ-ছাত্ৰী

শিক্ষক জিৰণী কোঠাৰ মাৰপিট কাণ্ড অৱশেষত বিদ্যালয় খেলপথাৰলৈ পর্যবসিত হয়
দুই শিক্ষয়িত্ৰীৰ মাৰপিটঃদৰ্শকৰ ৰূপত ছাত্ৰ-ছাত্ৰী

ডিজিটেল ডেস্কঃ কোৱা হয় 'শিক্ষক জন্মে,শিক্ষক গঢ় দিব নোৱাৰি'। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত বাবেই শিক্ষকসকলক প্ৰায়বোৰ অনুষ্ঠানতে আগস্থান দিয়া হয়। এয়া অতীতৰ পৰা চলি অহা পৰম্পৰা।

কোনোৱে পিতৃ-মাতৃ আৰু শিক্ষকৰ ঋণ পৰিশোধ কৰিব নোৱাৰে। এনেবোৰ বিশেষণ আদিৰে শিক্ষকক উপমা দিয়া হয়। তেনেস্থলত এগৰাকী শিক্ষকে আন এগৰাকী শিক্ষকক প্ৰহাৰ কৰা কিমান যুক্তিসংগত।

কিন্তু এনে কাণ্ডই সংঘটিত হৈছে বিহাৰৰ এখন বিদ্যালয়ত। এগৰাকী শিক্ষয়িত্ৰীয়ে কৰ্মৰত অৱস্থাতে সতীৰ্থ আনগৰাকী শিক্ষয়িত্ৰীক প্ৰহাৰ কৰে। ঘটনা ইমানেই ভয়াৱহ হৈ উঠিছে যে, শিক্ষক জিৰণী কোঠাৰ মাৰপিট কাণ্ড অৱশেষত বিদ্যালয় খেলপথাৰলৈ পর্যবসিত হয়।

শিক্ষক সমাজক একেবাৰে নিম্ন খাপলৈ নমাই দিয়া এই দুই শিক্ষয়িত্ৰীৰ এনে কাণ্ড বিদ্যায়লয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ' ৰেকৰ্ড কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰে। বিহাৰৰ উক্ত দুই শিক্ষয়িত্ৰীৰ এনে নিকৃষ্ট কাণ্ডই শিক্ষকক সমাজক লাজত পেলাইছে।

দুই শিক্ষয়িত্ৰীৰ মাৰপিটঃদৰ্শকৰ ৰূপত ছাত্ৰ-ছাত্ৰী
ইনষ্টাগ্ৰাম ৰীল বনাবলৈ ধ্বংস কৰিলে ঐতিহাসিক স্মৃতিচিহ্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in