Advertisment

শ্বেইখ হাছিনাক বাংলাদেশ চৰকাৰৰ হাতত গতাই দিব নেকি ভাৰত চৰকাৰে?

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পুনৰ এবাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যদিও ভাৰত চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শ্বেইখ হাছিনাক বাংলাদেশ চৰকাৰৰ হাতত গতাই দিব নেকি ভাৰত চৰকাৰে?

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পুনৰ এবাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। ধাৰাবাহিকভাৱে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰত চৰকাৰৰ ওছৰত শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টো উত্থাপন কৰি হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে যদিও ভাৰতে এই দাবী গ্ৰহণ কৰিবনে নাই সেয়া এতিয়াও স্পষ্টকৈ উল্লেখ কৰা নাই।

Advertisment

কিন্তু বাংলাদেশৰ দাবীক যে গুৰুত্ব দিয়া নাই সেয়া স্পষ্ট হৈছে। ভাৰত চৰকাৰে এতিয়ালৈকে শ্বেইখ হাছিনাক লৈ কোনো স্থিতি ৰাজহুৱা কৰা নাই।

বাংলাদেশে বাৰে বাৰে হাছিনাক স্বদেশলৈ প্ৰেৰণ কৰাটো বিচাৰিছে যদিও ভাৰত চৰকাৰে যে তেওঁক বাংলাদেশৰ হাতত গতাই দিয়াৰ ক্ষেত্ৰত আগ্ৰহী নহয় সেয়া বুজাই দিছে। কূটনৈতিক বিশেষজ্ঞসকলৰ মতে বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰেই শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাই।

তেওঁলোকে ইয়াৰ বাবে কোনো সঠিক ব্যৱস্থা বা আনুষ্ঠানিকতা সম্পন্ন কৰা নাই। ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী প্ৰধানমন্ত্ৰী পৰ্যায়ৰ নেতৃত্বৰ প্ৰত্যৰ্পণৰ বিষয়টোক কেৱল নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে টোকা প্ৰেৰণ কৰিয়েই তুলি ধৰিছে।

এনে এটা গুৰুত্বপূৰ্ণ কূটনৈতিক বিষয়ক অতি নিম্ন পৰ্যায়ৰ উচ্চায়ুক্তৰ জৰিয়তে উত্থাপন কৰা বিষয়টোক স্বাভাৱিকতে গুৰুত্ব নিদিয়ে কোনো ৰাষ্ট্ৰই। উল্লেখ্য যে, শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ পাছত ৰাষ্ট্ৰখনত গঠন হৈছিল মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ।

চৰকাৰ গঠনৰ পাছৰে পৰা ইউনুছে শ্বেইখ হাছিনাক স্বদেশলৈ নি তেওঁৰ বিৰুদ্ধে হত্যা, দুৰ্নীতিকে ধৰি একাধিক গোচৰ চলোৱা হ'ব বুলি কৈ আহিছে। সেই মতেই নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে কেৱল বৈদেশিক টোকা প্ৰেৰণ কৰিয়েই হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰি আহিছে।

ইয়াৰ অন্তৰালত অৱশ্যে কাৰণ নথকা নহয়। শ্বেইখ হাছিনাৰ প্ৰত্যৰ্পণৰ বিষয়টোক এইদৰে প্ৰাসংগিক কৰি ৰাখিব বিচাৰিছে অন্তৱৰ্তীকালীন চৰকাৰে। ইয়াৰ মূলতে হৈছে দেশখনৰ ছাত্ৰ আন্দোলনকাৰী আৰু হাছিনা বিৰোধী জনসাধাৰণৰ সন্তুষ্ট কৰি ৰখা।  

শ্বেইখ হাছিনা বাংলাদেশ