Advertisment

ভাৰতৰ কলৰ ৰপ্তানি ১০ বছৰত ১০ গুণ বৃদ্ধি...

দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰপ্তানি পৰিসংখ্যা আৰু ভৱিষ্যত পূৰ্বাভাস প্ৰতিবেদনত উল্লেখ কৰিছে যোৱা ১০ বছৰত ভাৰতে কলৰ ৰপ্তানি ১০ গুণ বৃদ্ধি কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ কলৰ ৰপ্তানি ১০ বছৰত ১০ গুণ বৃদ্ধি...

ডিজিটেল ডেস্কঃ দেশৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ৰপ্তানি পৰিসংখ্যা আৰু ভৱিষ্যত পূৰ্বানুমান প্ৰতিবেদনত উল্লেখ কৰিছে যোৱা ১০ বছৰত ভাৰতে কলৰ ৰপ্তানি ১০ গুণ বৃদ্ধি কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ কৃষক-কেন্দ্ৰিক দৃষ্টিভংগীৰ অধীনত কল খেতিক  বিশেষভাৱে উৎসাহিত কৰা হৈছে। ৰাজ্যখনৰ কুশীনগৰ জিলাৰ বাবে কলৰ খেতিক "এক জিলা, এক সামগ্ৰী" (ODOP) হিচাপে ঘোষণা কৰা হৈছে।

Advertisment

এই ঘোষণাই কল খেতিয়কসকলৰ বাবে বৃহৎ লাভালাভ কঢ়িয়াই আনিছে। কিয়নো চৰকাৰে তেওঁলোকক উচ্চ মানদণ্ডৰ কল উৎপাদনৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন উদগনি প্ৰদান কৰি আহিছে। বিশেষকৈ কুশীনগৰ, দেওৰিয়া, গোৰখপুৰ, মহাৰাজগঞ্জ, বস্তি, সন্ত কবীৰ নগৰ, অযোধ্যা, আম্বেদকাৰ নগৰ, আমেঠি আৰু বাৰাবাঁকী জিলাৰ কৃষকসকল কল খেতিত ব্যাপকভাৱে জড়িত হৈ পৰিছে।

যোৱা দশকত, কল খেতিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উন্নত প্ৰকাৰ আৰু আধুনিক কৃষি পদ্ধতি গ্ৰহণ কৰাৰ ফলত কলৰ উৎপাদন আৰু মানদণ্ড উন্নত হৈছে। ফলস্বৰূপে, উত্তৰ প্ৰদেশৰ কলৰ চাহিদা এতিয়া কেৱল ঘৰুৱা বজাৰতে নহয়, বিহাৰ, পঞ্জাৱ, দিল্লী, জম্মুৰ উপৰিও নেপালতো বৃদ্ধি পাইছে।

উত্তৰ প্ৰদেশ চৰকাৰে কল খেতিৰ বাবে প্ৰতি হেক্টৰত প্ৰায় ৩৮,০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে। কৃষকসকলক কলৰ আধুনিক উন্নত মানৰ খেতিৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। কল গছৰ বিভিন্ন অংশৰ পৰা বিভিন্ন তৈয়াৰ কৰা, কলৰ ৰস প্ৰস্তুত কৰা আদিৰো প্ৰশিক্ষণ দিয়া হৈছে। তাৰোপৰি কৃষকক প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হৈছে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ উদ্যোগত মুম্বাইত বিক্ৰেতা-ক্ৰেতা সন্মিলন অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ দিয়া হৈছে।এই বিক্ৰেতা-ক্ৰেতা সন্মিলনে ভাৰতীয় কল খেতিয়কসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, কল খেতিক কেন্দ্ৰীয় চৰকাৰৰ এটা পাইলট প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে সাগৰীয় পথেৰে কলৰ ৰপ্তানি সহজ আৰু লাভজনক কৰি তোলা হ’ব। 

 

কৃষি উত্তৰ প্ৰদেশ বাণিজ্য মন্ত্ৰণালয়