/asomiyapratidin/media/media_files/2025/01/23/lXXlrRJfKz2HzLQtLosJ.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ কেইবাটাও কাৰণত বিশেষ গণতন্ত্ৰ দিৱস।মহাৰজত জয়ন্তীত প্ৰৱেশ কৰা গণতন্ত্ৰ দিৱসক পূৰ্বতকৈ ব্যতিক্ৰম কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ৰাষ্ট্ৰপতি ভৱনে।
সেই মতেই এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি ভৱনে দেশৰ পৰা এনে কিছু নিৰ্বাচিত ব্যক্তিক আমন্ত্ৰণ জনাইছে যাৰ আঁৰত একো একোটা কাহিনী লোকাই আছে। তেনে এক কাহিনীৰে সাক্ষী তিনিটা বিশেষ পৰিয়ালক আমন্ত্ৰিত কৰিছে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ।
গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এইবাৰ আমন্ত্ৰিত হৈছে তিনিটা বিশেষ পৰিয়াল। পৰিয়াল তিনিটাই দিল্লীত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰিব।
তাৰোপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়, সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন আদি পৰিদৰ্শন কৰিব। ছত্তিশগড়ৰ কবিৰধাম জিলাৰ পাণ্ডৰিয়া ব্লকত আছে এই তিনিটা বৈগা পৰিয়াল।
তেওঁলোক আমন্ত্ৰিত হৈছে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীলৈ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পৰিয়াল তিনিটালৈ আহিছে নিমন্ত্ৰণী পত্ৰ।
উন্নয়নৰ উদাহৰণ আৰু বৈগা সম্প্ৰদায়ৰ সংগ্ৰাম
বৈগা সম্প্ৰদায়ক বিশেষভাৱে দুৰ্বল আদিবাসী গোষ্ঠী (PVTG) হিচাপে চিহ্নীত হৈ আহিছে। স্বাধীনতাৰ পাছতো এই সম্প্ৰদায় অবহেলিত হৈ আহিছে।
তেওঁলোকে মৌলিক সুযোগ-সুবিধাৰ অভাৱ, বাসগৃহৰ অভাৱতো তেওঁলোকৰ জীৱন নিৰ্বাহ কঠিন হৈ আছিল। শেহতীয়াকৈ চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাত এই লোকসকলৰ জীৱনলৈ পৰিবৰ্তন আহিছে। সূচল হৈ পৰিছে তেওঁলোকৰ জীৱন যাত্ৰা।
গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰিত হোৱা জগতিন বৈগা নামৰ মহিলাগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ''আমি এতিয়া বিদ্যুতৰ সুবিধা পাইছো। আগতে আমি অন্ধকাৰত নিশা পাৰ কৰিছিলো। সকলো সময়তে পোক-পতংগৰ ভয় আছিল।''
২০২৪ ৰ অক্টোবৰত তেওঁলোকৰ বাসগৃহত কালেক্টৰ গোপাল বৰ্মাৰ উদ্যোগত সৌৰ শক্তিৰ সংযোগ হোৱাত এতিয়া অন্ধকাৰ আঁতৰি পোহৰ আহিছে। কেৱল জগতিন বৈগাই নহয়, তেওঁৰ গাওঁখনৰ মুঠ ২৫ টা পৰিয়ালে এই সুবিধা লাভ কৰিছে। কোৱা হৈছে এই উন্নয়তে বৈগা সম্প্ৰদায়ক অন্ধকাৰৰ ভয়ৰ পৰা নতুন জীৱন দিছে।
ৰাষ্ট্ৰপতিয়ে কৰিব সাক্ষাৎ
জগতিন বাইয়ে সংবাদ মাধ্যমৰ আগত আৰু কয়, ''মই দিল্লীলৈ যাম, আৰু ৰাষ্ট্ৰপতিক বীৰণৰ মালা উপহাৰ দিম।'' ফুল সিং বাইগা নামৰ এগৰাকীয়ে কয়, "এতিয়া আমি ভয় নকৰাকৈ গাওঁখনৰ এটা ঘৰৰ পৰা আন এটা ঘৰলৈ যাব পাৰোঁ। আগতে, আমি এন্ধাৰৰ ভয়ত আমি এঘৰৰ পৰা আন এঘৰলৈ যাবলৈ সাহস কৰিব পৰা নাছিলো।"
উল্লেখ্য যে, এই বাইগা পৰিয়াল কেইটাই প্ৰথমবাৰৰ বাবে দিল্লী ভ্ৰমণ কৰিব। প্ৰথমবাৰৰ বাবে ৰে’ল যাত্ৰা উপভোগ কৰিব। তাৰোপৰি দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে নৈশ ভোজত যোগদান কৰিব।
জিলা প্ৰশাসনৰ গৰ্ব
ছত্তিশগড়ৰ কবিৰধাম জিলাৰ আয়ুক্ত গোপাল বৰ্মাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ''ছটা বৈগা পৰিয়াল ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এয়া আমাৰ জিলাৰ বাবে গৰ্বৰ বিষয়। চৰকাৰে বিভিন্ন প্ৰকল্পৰ মাধ্যমেৰে তেওঁলোকৰ জীৱন যাত্ৰাৰ মান উন্নত কৰিছে।''
পাণ্ডৰিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভবনা বোহৰাই এই সন্দৰ্ভত কয়, ''এই আমন্ত্ৰণ আমাৰ আদিবাসী সম্প্ৰদায়ৰ বাবে যিদৰে গৰ্বৰ বিষয় তেনেদৰেই সমগ্ৰ অঞ্চলটোৰ বাবেও সন্মানৰ বিষয়।''