বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰীক 'ৱাই' শ্ৰেণীৰ সুৰক্ষা প্ৰদান

কেইমাহমানৰ পৰা প্ৰায়েই চৰ্চাত আছে বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰী।বহুসময়ত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায়।

author-image
Asomiya Pratidin
New Update
বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰীক 'ৱাই' শ্ৰেণীৰ  সুৰক্ষা প্ৰদান

ডিজিটেল ডেস্কঃ কেইমাহমানৰ পৰা প্ৰায়েই চৰ্চাত আছে বাবা বাগেশ্বৰ ধীৰেন্দ্ৰ শাস্ত্ৰী।বহুসময়ত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা যায়। ইয়াৰ মাজতে মধ্যপ্ৰদেশ চৰকাৰে ধীৰেন্দ্ৰ শাস্ত্ৰীক 'ৱাই'(Y) শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

ইয়াৰ পাছতে চৰকাৰে এই সন্দৰ্ভত অন্য ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত অন্য ৰাজ্যলৈ আহিলেও তেওঁক ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিবলৈ কোৱা হৈছে।

কেইদিনমান পূৰ্বে বাবা গৰাকী বিহাৰলৈ গৈছিল আৰু তাত লাখ লাখ ভক্ত তেওঁৰ দৰ্শনৰ বাবে আহিছিল। তেওঁৰ এই দৰবাৰো যথেষ্ঠ চৰ্চাত আছিল। উল্লেখ্য যে, ৱাই শ্ৰেণীৰ সুৰক্ষাত ৮ জন নিৰাপত্তাৰক্ষী থাকে। এই সুৰক্ষাত ২জন পিএছঅ' থাকে। বাবা গৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 'ৱাই' শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে।

Also Read: সেনাৰ অভিযনাত লিডু মালৌ পাহাৰত NSCN(R) ৰ কেডাৰ আটক

Dhirendra Krishna Shastri baba bageshwar