গহপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাক "বি নিউজ"ৰ ৰাজহুৱা সম্বৰ্ধনা…

বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বহু কেইজন লোকক সন্মানিত কৰা হয় । সমান্তৰালভাৱে বঁটা প্ৰদান অনুষ্ঠানৰ এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ব্যৱসায়ী, সমাজকৰ্মী শংকৰলাল আগৰৱালাক।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ বিশ্বনাথ চাৰিআলিৰ অন্যতম ডিজিটেল মাধ্যমৰ সংবাদ সেৱা প্ৰতিষ্ঠান "বি নিউজ"ৰ অলপতে চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠিত কৰা হয় । বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বঁটা প্ৰদান অনুষ্ঠানৰো আয়োজন কৰা হয় ।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বহু কেইজন লোকক সন্মানিত কৰা হয় । সমান্তৰালভাৱে বঁটা প্ৰদান অনুষ্ঠানৰ এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ব্যৱসায়ী, সমাজকৰ্মী শংকৰলাল আগৰৱালাক।

অসমৰ সমাজ জীৱনৰ প্ৰতি নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা অনবদ্য অৱদানৰ বাবে শংকৰলাল আগৰৱালাক জনোৱা "বি নিউজ"ৰ এই সম্বৰ্ধনাত আছে এখন ফুলাম গামোচা, এখন চেলেং,এটা জাপি আৰু "বি নিউজ"ৰ পৰিচালন সঞ্চালক দিব্যজ্যোতি বৰুৱাৰ স্বাক্ষৰ সম্বলিত এখন সম্বৰ্ধনা পত্ৰ।

সম্বৰ্ধনা অনুষ্ঠান