১৫ লাখ বন্তিৰে সজাই তোলা হ'ল ৰামৰ জন্মভূমি অযোধ্যাক

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত আহিল নাম
১৫ লাখ বন্তিৰে সজাই তোলা হ'ল ৰামৰ জন্মভূমি অযোধ্যাক

ডিজিটেল ডেস্ক : প্ৰায় ১৫.৭৬ লাখ মাটিৰ বন্তিৰে জিলিকি উঠিল ৰামৰ জন্মভূমি অযোধ্যা । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ 'দীপোৎসৱ' উপলক্ষ্যে সজাই পৰাই তোলা হ'ল সমগ্ৰ চহৰ খনক । ইয়াৰ সৈতেই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত মাটিৰ বন্তি প্ৰজ্বলনৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হিচাপে স্থান লাভ কৰিলে দীপোৎসৱে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী তথা সহস্ৰ ভক্তগণ, সাধাৰণ জনতা আৰু বিষয়াৰ উপস্থিতিত এই মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী ।

ইয়াৰ ওপৰিও অযোধ্যা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপক সকলেও যোগদান কৰে এই কাৰ্যসূচীত । এটিৰ পাছত আন এটিকৈ ১৫ লাখতকৈও অধিক বন্তি প্ৰজ্বলন কৰা হয় জয় শ্ৰী ৰাম ধ্বনিৰে ।

তাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ।

উল্লেখ্য যে, ২০১৭ চনত প্ৰথমবাৰৰ বাবে ১.৭৬ লাখ বন্তি প্ৰজ্বলনেৰে উত্তৰ প্ৰদেশত দীপোৎসৱৰ আৰম্ভণি কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰেই বৃদ্ধি হৈ গৈছিল মাটিৰ বন্তিৰ সংখ্যা । ২০১৮ বৰ্ষত ৩.০১ লাখ, ২০১৯ বৰ্ষত ৪.০৪ লাখ, ২০২০ বৰ্ষত ৬.০৬ লাখ আৰু ২০২১ বৰ্ষত ৯.৪১ লাখ মাটিৰ বন্তিৰে পোহৰাই তোলা হৈছিল চহৰ খনক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in