শ্ৰীৰামৰ প্ৰতি কেৱল ভাৰতীয়ৰেই নহয়, বিশ্ববাসীৰো আছে একেই শ্ৰদ্ধা-ভক্তি !

উৎসৱ মূখৰ হৈ পৰিছে সমগ্ৰ আযোধ্যা নগৰ। ২২ জানুৱাৰীৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।ফুল তথা লাইটৰে ন ৰূপ দিয়া হৈছে সমগ্ৰ আযোধ্যাক।আযোধ্যাক চালে চকু ৰোৱা কৰি সজাবলৈ ইতিমধ্যেই ভূপাল তথা দেশৰ বিভিন্ন ঠাইৰ পৰা ফুল অনা হৈছে।

author-image
Asomiya Pratidin
New Update
শ্ৰীৰামৰ প্ৰতি কেৱল ভাৰতীয়ৰেই নহয়, বিশ্ববাসীৰো আছে একেই শ্ৰদ্ধা-ভক্তি !

ডিজিটেল ডেস্ক: উৎসৱ মূখৰ হৈ পৰিছে সমগ্ৰ আযোধ্যা নগৰ। ২২ জানুৱাৰীৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।ফুল তথা লাইটৰে ন ৰূপ দিয়া হৈছে সমগ্ৰ আযোধ্যাক।আযোধ্যাক চালে চকু ৰোৱা কৰি সজাবলৈ ইতিমধ্যেই ভূপাল তথা দেশৰ বিভিন্ন ঠাইৰ পৰা ফুল অনা হৈছে।

Advertisment

আনহাতে, শেহতীয়াকৈ আযোধ্যা আহি পাইছে যোধপুৰৰ পৰা কঢ়িয়াই অনা ৬০০ কিলোগ্ৰাম ঘিউ। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ বিষয়াসকলে যোধপুৰৰ পৰা অযোধ্যালৈ ঘিউ কঢ়িয়াই অনা গৰুগাড়ীখনক বিশেষভাৱে আদৰণি জনাই 'আৰতি' প্ৰদৰ্শন কৰে। এই ঘিউখিনি গৰু গাখীৰৰ ঘিউ। ২২ জানুৱাৰীত প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠানৰ মহাযজ্ঞ তথা আন ৰীতি-নীতিত এই বিশুদ্ধ ঘিউখিনি ব্যৱহাৰ কৰা হ'ব।

আনহাতে, কম্বোডিয়াৰ পৰা আযোধ্যা আহি পাইছে হালধি।সংশ্লিষ্ট কতৃপক্ষই প্ৰকাশ কৰা মতে, ভগৱান ৰামক প্ৰতি ভাৰতীয়ৰ দৰেই বিশ্ববাসীৰো শ্ৰদ্ধা-ভক্তি আছে।সেয়ে হয়তো শ্ৰী ৰামৰ সেৱাৰ বাবে থাইলেণ্ডৰ পৰা বিশেষভাৱে হালধি দান কৰা হৈছে।

Also Read: কিদৰে উপাসনা কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় জানেনে ?