/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/ram-mandir-ram-mandir-gajendra-siliguuarrai-aal-balnews-swaschattattaserveyyeyeyfor-web-AP-full-no-ad-copy.jpg)
ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ প্ৰস্তুতি তুংগত। অৱশ্যে এতিয়াও ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই। মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন মিশ্ৰাই বৃহস্পতিবাৰে কয় যে ''ভগৱাম ৰামৰ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰলৈ শেষ হ'ব। ৩ মহলাযুক্ত হ'ব এই মন্দিৰ। আমি কৰ্তব্য পালনত ভগৱান ৰামে দেখুৱাই যোৱা বাট অনুসৰণ কৰি আহিছো''।
তেওঁ কয় , বৰ্তমান তলৰ মহালৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে । প্ৰথম আৰু দ্বিতীয় মহলাৰ কাম ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। মন্দিৰ নিৰ্মাণৰ সময়ত প্ৰতিদিনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু সমস্যাৰ সমাধান নিজে নিজে হৈ যায়।
ন্যাসৰ সাধাৰণ সম্পাদকত চম্পত ৰায়ে কৈছে যে ভগৱান ৰামৰ আদৰ্শ, নীতি বিৰোধ কৰি কোনো কামেই কৰা নহয়। চৰকাৰক যি কৰ পৰিশোধ কৰিব লাগে কৰা হ'ব। সকলো মৰ্যদা পালন কৰি অহা হৈছে।
মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষই কয় যে, আশা কৰা হৈছে যে ভক্তই মন্দিৰৰ আন্তঃগাঠনি দেখি সন্তুষ্ট হ'ব। আশা কৰা হৈছে প্ৰায় ১০০০ বছৰ এই কামেৰে চলিব যাৰ বাবে দায়িত্ব বৃদ্ধি পাইছে।
উল্লেখ্য যে, ২২ জানুৱাৰীত উদ্বোধন হ'ব ৰাম মন্দিৰ। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকিব। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে অনুষ্ঠানটোৰ বাবে ৭,০০০ ৰো অধিক লোকক আমন্ত্ৰণ জনাইছে।
Also Read: মই ৰামভক্ত, কংগ্ৰেছে কেতিয়াও মানুহক বিভাজন কৰিবলৈ ঈশ্বৰ আৰু ধৰ্ম ব্যৱহাৰ নকৰেঃ ইকবাল হুচেইনে