অযোধ্যাৰ দিপাৱলী উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, একেলগে জ্বলিব ১৫ লাখৰো অধিক চাকি...

১৫ লাখৰো অধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ এক প্ৰয়াস কৰা হৈছে

author-image
Asomiya Pratidin
New Update
অযোধ্যাৰ দিপাৱলী উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে, একেলগে জ্বলিব ১৫ লাখৰো অধিক চাকি...

ডিজিটেল ডেস্ক : আজিৰে পৰা আৰম্ভ হ'ল পোহৰৰ উৎসৱ দিপাৱলী। চৌদিশে দিপাৱলীক লৈ দেখিবলৈ পোৱা গৈছে উচাহ, উদ্দীপনা। উল্লেখ্য যে ৰামভূমি অযোধ্যতো দিপাৱলী উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

Advertisment

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। অযোধ্যাৰ এই দিপাৱলী উৎসৱত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ব্যক্তিগতভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে অযোধ্যাৰ দিপাৱলী উৎসৱত অংশ গ্ৰহণ কৰি দিপাৱলী উৎসৱৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ লেজাৰ লাইট আৰু সংগীত অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। লগতে ৰাম লাল্লা বিৰাজমানৰ দৰ্শন আৰু পূজা কৰিব।

উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখৰো অধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ এক প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানৰ সময়ত আতচবাজী, লেজাৰ শ্ব’ আৰু ৰামলীলাও মঞ্চস্থ কৰা হ’ব।

assam ayodhya pm modi