দিল্লীত নগৰ ভিত্তিক দুটা স্বাস্থ্যসেৱা সংস্থাক বঁটা প্ৰদান...

দিল্লীত নগৰ ভিত্তিক দুটা স্বাস্থ্যসেৱা সংস্থাক বঁটা প্ৰদান...

author-image
Asomiya Pratidin
New Update
দিল্লীত নগৰ ভিত্তিক দুটা স্বাস্থ্যসেৱা সংস্থাক বঁটা প্ৰদান...

ডিজিটেল ডেস্কঃ গ্ল’বেল ট্ৰাইমফ ফাউণ্ডেচনে নতুন দিল্লীৰ পীটামপুৰাৰ হোটেল ৰমাদাত আয়োজন কৰা এক অনুষ্ঠানত সোমবাৰে গুৱাহাটীস্থিত দুটা স্বাস্থ্যসেৱা সংস্থা ইউ মেটাৰ্ছ আৰু জি জি হেল্থমেটক নতুন ষ্টাৰ্টআপ হিচাপে বঁটা প্ৰদান কৰা হয়। জুৰীৰ দ্বাৰা নিৰ্বাচিত ভাৰতৰ শীৰ্ষ ১০০ টা ব্ৰেণ্ডক এই বঁটা প্ৰদান কৰা হয়।

Advertisment

ইউ মেটাৰ হৈছে এনে এটা প্ৰতিষ্ঠান যিয়ে মনোবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী, মানসিক স্বাস্থ্য পেছাদাৰী, আৰু শিক্ষাবিদসকলক পেছাদাৰী প্ৰশিক্ষণ আৰু ইন্টাৰশ্বিপ প্ৰদান কৰাৰ লগতে বিস্তৃত মানসিক আৰু আৱেগিক স্বাস্থ্য সেৱা প্ৰদান কৰাত বিশেষজ্ঞ। ইউ মেটাৰ্ছৰ জলিবিজ ইউনিটে মানসিক স্বাস্থ্য আৰু শিশুৰ যত্নৰ সৈতে মোকাবিলা কৰাৰ বাবে এক সংহত পদ্ধতি প্ৰদান কৰে। এই বঁটা লাভ কৰে ইউ মেটাৰ্ছৰ প্ৰতিষ্ঠাপক সঞ্চালক লিম্পি ভূঞাই। লিম্পী ভূঞাও মহানগৰীৰ এগৰাকী সুনামধন্য আৰু সুপৰিচিত মনোবিজ্ঞানী।

জি জি হেল্থমেট হৈছে উত্তৰ-পূব ভাৰতত চিকিৎসা পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা এটা সুপৰিচিত স্বাস্থ্যসেৱা পৰামৰ্শদাতা আৰু জনস্বাস্থ্য আৰু চি এছ আৰ কাৰ্য্যকলাপৰ সৈতেও জড়িত। শেহতীয়াকৈ এই সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত মেঘালয়ত জনস্বাস্থ্য প্ৰকল্প সম্পূৰ্ণ কৰাৰ লগতে অন্য দেশৰ স্বাস্থ্যসেৱা সুবিধা প্ৰদানকাৰীৰ সৈতেও শক্তিশালী নেটৱৰ্ক স্থাপন কৰিছে। পৰিচালন সঞ্চালক গীতিমা ৰয়মেধিৰ হৈ নতুন দিল্লীত সংস্থাসমূহৰ প্ৰতিনিধি ড০ স্বেতা শ্ৰীবাস্তৱে এই বঁটা লাভ কৰে।

Also Read: ছনি বিবিচি আৰ্থ'ৰ ফটো প্ৰতিযোগিতালৈ নিৰ্বাচিত জাগীৰোডৰ যুৱকৰ ফটো