ছনি বিবিচি আৰ্থ'ৰ ফটো প্ৰতিযোগিতালৈ নিৰ্বাচিত জাগীৰোডৰ যুৱকৰ ফটো

ছনি বিবিচি আৰ্থ'ৰ ফটো প্ৰতিযোগিতালৈ নিৰ্বাচিত জাগীৰোডৰ যুৱকৰ ফটো

author-image
Asomiya Pratidin
New Update
ছনি বিবিচি আৰ্থ'ৰ ফটো প্ৰতিযোগিতালৈ নিৰ্বাচিত জাগীৰোডৰ যুৱকৰ ফটো

ডিজিটেল সংবাদ, জাগীৰোড: ছনি বিবিচি আৰ্থৰ ফটো প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে জাগীৰোডৰ এজন যুৱকৰ ফটো। " আৰ্থ ইন ফকাছ" শিতানৰ বাবে নিৰ্বাচিত এই বিশেষ ফটোখন দক্ষতাৰে নিজৰ লেঞ্চত আৱদ্ধ কৰা ফটোগ্ৰাফাৰ জন হৈছে জাগীভকত গাঁৱৰ সুৰজিৎ ৰাজখোৱা।

Advertisment

এটা বহুজাতিক ফাৰ্মা কম্পেনীৰ অসমৰ বানিজ্যিক শাখাৰ গুৰু দায়িত্বত থাকিলেও সুৰজিতে ফটোগ্ৰাফিৰ চৰ্চা অব্যাহত ৰাখিছে। প্ৰধানত প্ৰকৃতি বিষয়ক ফটো তুলি ভালপোৱা সুৰজিতে আহৰি পালেই কেমেৰালৈ গুচি যায় অৰন্য অথবা নদীৰ পাৰলৈ। তাৰেই শেহতীয়া নিদৰ্শন চেপ্তেম্বৰ মাহত কাজিৰঙাত আৱদ্ধ কৰা ফটোখনে ছনি বিবিচিৰ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰে।

এতিয়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত ফটো সমুহৰ মাজত আৰম্ভ হ'ব ভোটদান প্ৰক্ৰিয়া। দক্ষ ফটোগ্ৰাফাৰ গৰাকীৰ ফটোখনত ভোট দিৱৰ বাবে প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰা আমিও আহ্বান জনালোঁ। আহক তলৰ লিংকটোত ক্লিক কৰি ভোট দানৰে জাগীৰোডৰ ফটোগ্ৰাফাৰ গৰাকীক উৎসাহিত কৰাৰ লগতে অসমৰ প্ৰকৃতিৰ প্ৰচাৰতো আপুনিও অংশগ্ৰহণ কৰক।

Also Read: লামডিংত কিশোৰ নিৰুদ্দেশ