অ’ডি ইণ্ডিয়াৰ সফলতাঃ যোৱা বৰ্ষত বিক্ৰী ১ লাখ গাড়ী....

অ’ডি ইণ্ডিয়াই গ্ৰাহকক বিশেষ সুবিধা প্ৰদান কৰি ‘১০০ দিন উদযাপন’  অভিযানৰ জৰিয়তে ভাৰতত এক লাখ গাড়ী বিক্ৰীৰ মাইল স্পৰ্শ কৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ জাৰ্মানীৰ বিখ্যাত বিলাসী গাড়ী ব্ৰেণ্ড অডিয়ে ২০২৪ চনৰ বাবে ৫,৮১৬ ইউনিটৰ খুচুৰা বিক্ৰীৰ কথা ঘোষণা কৰিছে।

বছৰৰ প্ৰথমাৰ্ধত যোগানৰ প্ৰত্যাহ্বানৰ সন্মুখীন হলেও তৃতীয় ত্ৰৈমাসিকৰ তুলনাত চতুৰ্থ ত্ৰৈমাসিকত ব্ৰেণ্ডটোৰ বিক্ৰী ৩৬ শতাংশৰে যথেষ্ট বৃদ্ধি পাইছে ।

ডি ইণ্ডিয়াৰ মুৰব্বী বলবীৰ সিং ধিলনে কয়, “২০২৪ চনৰ প্ৰথমাৰ্ধত অডি ইণ্ডিয়াই বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তথাপিও আমাৰ সামগ্ৰীৰ চাহিদা অব্যাহত থকাটোৱে আমাৰ গ্ৰাহকসকলে ব্ৰেণ্ডটোৰ ওপৰত থকা চিৰস্থায়ী আস্থাক প্ৰতিফলিত কৰিছে। ২০২৪ চনৰ দ্বিতীয়াৰ্ধত উন্নত যোগানৰ লগে লগে ২০২৪ চনৰ তৃতীয় ত্ৰৈমাসিকৰ তুলনাত চতুৰ্থ ত্ৰৈমাসিকত আমাৰ পৰিমাণ ৩৬% উন্নত হৈছে। এই বছৰ ভাৰতত এক লাখ গাড়ী বিক্ৰী হোৱাৰ এক ডাঙৰ মাইলৰ খুঁটিও চিহ্নিত কৰা হৈছে।"

ডিৰ প্ৰি-অনড গাড়ী বিভাগ অডি এপ্ৰুভড: প্লাছতো আকৰ্ষণীয় বৃদ্ধি দেখা গৈছে, ২০২৪ চনত পূৰ্বৰ বছৰৰ তুলনাত ৩২ শতাংশ বৃদ্ধি পাইছে। ব্ৰেণ্ডটোৱে গুৱাহাটীত উত্তৰ-পূবৰ সৰ্ববৃহৎ বিলাসী ব্যৱহৃত গাড়ীৰ শ্বৰুম আৰু মাংগালোৰত নতুন সুবিধা থকা শ্বৰুম মুকলি কৰে। মূল চহৰসমূহত ২৬টা শ্বৰুমৰ সৈতে অডিয়ে প্ৰি-অনড বিলাসী গাড়ীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে আৰু অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

ডি ইণ্ডিয়াই গ্ৰাহকক বিশেষ সুবিধা প্ৰদান কৰি ১০০ দিন উদযাপনঅভিযানৰ জৰিয়তে ভাৰতত এক লাখ গাড়ী বিক্ৰীৰ মাইল স্পৰ্শ কৰিছে ।

বছৰটোত অডি কিউ৮ আৰু অডি কিউ৭ও সফলতাৰে মুকলি কৰা হয়। যিয়ে বিলাসী এছ ইউ ভি বজাৰত ব্ৰেণ্ডটোৰ নেতৃত্ব বৃদ্ধি কৰে আৰু গ্ৰাহকক আকৰ্ষিত কৰে ।

অৰ্থনীতি