ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ওপৰত আক্ৰমণ ঘটনা সংঘটিত হৈছে। শনিবাৰে সন্ধিয়া গ্ৰেটাৰ কৈলাশ এলেকাত এটা ৰেলীত অংশ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। পদযাত্ৰাৰ সময়ত ৰাস্তাৰ কাষত ৰৈ থকা এগৰাকী লোকে কেজৰিৱাললৈ লক্ষ্য কৰি এক জুলীয় পদাৰ্থ ছটিয়াই দিয়ে। ইয়াৰ পিছতে তৎক্ষণাত সুৰক্ষা কৰ্মীয়ে লোকজনক আটক কৰে যদিও এই আক্ৰমণৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই।
অৱশ্যে এই আক্ৰমণত কেজৰিৱালৰ কোনো হানি হোৱা নাই। উল্লেখ কৰা প্ৰয়োজন যে, আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ আপে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। এই প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে পদযাত্ৰাত অংশ লোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। এই আক্ৰমণৰ পাছতে আপ নেতৃত্বই এই ঘটনাৰ আঁৰত বিজেপিৰ হাত থকা বুলি অভিযোগ উত্থাপন কৰিছে।
আপে বিজেপিক তীব্ৰ কটাক্ষ কৰি কয় যে, এই ঘটনাৰ আঁৰত বিজেপিৰ হাত আছে। দিল্লীৰ আইন ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অমিত শ্বাহ আৰু গৃহ মন্ত্ৰালয়। ইফালে আপৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিয়ে কয় যে, নিজৰ প্ৰচাৰৰ বাবে নিজেই নিজৰ ওপৰত আক্ৰমণৰ নাটক ৰচিছে কেজৰিৱালে। নিৰ্বাচনৰ পূৰ্বে আপে এনে নাটক কৰাটো কোনো নতুন কথা নহয় বুলি মন্তব্য কৰে বিজেপিয়ে।