ভাৰতৰ জিডিপি ১০ বছৰত দুগুণলৈ বৃদ্ধি...

আই এম এফৰ তথ্য অনুসৰি বৰ্তমান ভাৰতৰ GDP ৪.৩ ট্ৰিলিয়ন ডলাৰ। ২০১৫ চনত নৰেন্দ্ৰ মোডীৰ প্রধানমন্ত্রীৰ প্রথম কার্যকালৰ এবছৰ নৌহওঁতেই ভাৰতৰ জি ডি পি আছিল ২.১ ট্ৰিলিয়ন ডলাৰ৷

author-image
Asomiya Pratidin
New Update
ভাৰতৰ জিডিপি ১০ বছৰত দুগুণলৈ বৃদ্ধি...

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা আই এম এফৰ তথ্য অনুসৰি বৰ্তমান ভাৰতৰ জি ডি পি ৪.৩ ট্ৰিলিয়ন ডলাৰ। ২০১৫ চনত নৰেন্দ্ৰ মোডীৰ প্রধানমন্ত্রীৰ প্রথম কার্যকালৰ কার্যকাল এবছৰ নৌহওঁতে ভাৰতৰ জি ডি পি আছিল ২.১ ট্ৰিলিয়ন ডলাৰ৷

তেতিয়াৰ পৰাই ভাৰতে মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ ক্ষেত্ৰত নিজৰ অৰ্থনীতি দুগুণতকৈও অধিক বৃদ্ধি কৰিছে। বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে জাপানক অতিক্ৰম কৰাৰ পথত ভাৰত।

বৰ্তমান জাপানৰ জিডিপি ৪.৪ ট্ৰিলিয়ন ডলাৰ আৰু ভাৰতে ২০২৫ চনৰ তৃতীয় ত্ৰৈমাসিকৰ ভিতৰত সেই সীমা অতিক্ৰম কৰিবলৈ সাজু হৈছে। বৃদ্ধিৰ গড় হাৰ যিদৰে আছে, তেনেদৰে চলি থাকিলে ভাৰতে ২০২৭ চনৰ দ্বিতীয় ত্ৰৈমাসিকত জাৰ্মানীক অতিক্ৰম কৰিব।জাৰ্মানীৰ জিডিপি বৰ্তমান ৪.৯ ট্ৰিলিয়ন ডলাৰ।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ভাৰতৰ দহ বছৰীয়া অৰ্থনৈতিক প্ৰদৰ্শনক “অসাধাৰণ” বুলি অভিহিত কৰি দেশখনক এক দশকৰ ভিতৰত জিডিপি দুগুণ কৰাৰ বাবে প্ৰশংসা কৰিছে। গোৱালে আলোকপাত কৰে যে ১০ বছৰত ১০৫ শতাংশ বৃদ্ধিৰ হাৰেৰে বিশ্বৰ শীৰ্ষস্থান দখল কৰা ভাৰতে চীন (৭৬ শতাংশ), আমেৰিকা (৬৬ শতাংশ), জাৰ্মানী (৪৪ শতাংশ), ফ্ৰান্স (৩৮ শতাংশ) আৰু ব্ৰিটেইন (২৮ শতাংশ)ৰ দৰে অন্যান্য ডাঙৰ অৰ্থনীতিতকৈ উন্নত প্ৰদৰ্শন কৰিছে।

ভাৰতে নিজৰ অৰ্থনীতিৰ আকাৰ দুগুণতকৈও অধিক বৃদ্ধি কৰি জি-৭, জি-২০, আৰু ব্ৰিকছৰ সকলো ৰাষ্ট্ৰক আগুৰি ধৰিছে। গোৱালে কয় যে, "গোলকীয় পৰিৱৰ্তন বাস্তৱিক! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে ভাৰতক যোৱা দশকত জিডিপি দুগুণ কৰি তুলিছে। যাৰ ফলত ভাৰতক অতি শীঘ্ৰে বিশ্বজুৰি তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে স্থান দিয়া হৈছে।"

অৰ্থনীতিৰ বৃদ্ধিৰ গতিৰ ক্ষেত্ৰত ভাৰতে শীৰ্ষস্থান দখল কৰিছে।অৰ্থনীতিৰ আকাৰৰ ক্ষেত্ৰত শীৰ্ষ দুটা স্থানত আছে আমেৰিকা (৩০.৩ ট্ৰিলিয়ন ডলাৰ) আৰু চীন (১৯.৫ ট্ৰিলিয়ন ডলাৰ)। তৃতীয় স্থানত ৪.৯ ট্ৰিলিয়ন ডলাৰেৰে জাৰ্মানী, চতুৰ্থ স্থানত ৪.৪ ট্ৰিলিয়নেৰ ডলাৰেৰে জাপান আৰু পঞ্চম স্থানত আছে ৪.৩ ট্ৰিলিয়ন ডলাৰেৰে ভাৰত।

অৰ্থনীতিৰ শীৰ্ষ দুটা স্থানত প্ৰৱেশ কৰিবলৈ ভাৰত বৰ্তমানৰ বৃদ্ধিৰ হাৰত আৰু দুটা দশকতকৈ অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। মন কৰিবলগীয়া যে ২০২৫ চনৰ মাৰ্চ মাহলৈকে আমেৰিকাৰ ৰাষ্ট্ৰীয় ঋণ ৩৬.২২ ট্ৰিলিয়ন ডলাৰ, আনহাতে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে চীনৰ ৰাষ্ট্ৰীয় ঋণ ২.৫২ ট্ৰিলিয়ন ডলাৰ। ইয়াৰ তুলনাত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সামগ্ৰিক ঋণ ৭১২ বিলিয়ন ডলাৰ।

ভাৰতৰ জিডিপি প্ৰথম ট্ৰিলিয়ন ডলাৰৰ সীমাত উপনীত হ’বলৈ (২০০৭ চনত) ৬০ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। ১ ট্ৰিলিয়ন ডলাৰৰ পৰা ২ ট্ৰিলিয়ন ডলাৰত উপনীত হ’বলৈ ৭ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। কোভিড-১৯ৰ সত্ত্বেও ভাৰতে ২০২১ চনত ৩ ট্ৰিলিয়ন ডলাৰৰ সীমাত উপনীত হৈছিল।৩ ট্ৰিলিয়ন ডলাৰৰ পৰা ৪ ট্ৰিলিয়ন ডলাৰলৈ যাত্ৰাত সময়ৰ প্ৰয়োজন হৈছিল মাত্ৰ ৪ বছৰ।

এই গতিৰে যদিহে অগ্ৰগতি চলি থাকে, তেন্তে ভাৰতে প্ৰতি ১.৫ বছৰৰ মূৰে মূৰে নিজৰ জিডিপিত এক ট্ৰিলিয়ন ডলাৰ যোগ কৰিব। 

অৰ্থনীতি