ভাগ্য ফুলিলঃ অসমৰ যুৱকে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী...

ভাগ্য ফুলিলঃ অসমৰ যুৱকে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী...

author-image
Asomiya Pratidin
New Update
ভাগ্য ফুলিলঃ অসমৰ যুৱকে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী...

ভাগ্য ফুলিলঃ অসমৰ যুৱকে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী...

ডিজিটেল ডেস্কঃ অসমৰ এগৰাকী ব্যক্তিয়ে কেৰালাত লাভ কৰিলে ১০ কোটি টকাৰ লটাৰী। কেৰালা ৰাজ্যিক লটাৰী বিভাগৰ গ্ৰীষ্মকালী বাম্পাৰ লটাৰীত এলবাৰ্ট গিট্টা নামৰ অসমৰ লোকজনে লাভ কৰিছে এই লটাৰী।

Advertisment

এলবাৰ্ট গিট্টাই কেৰালাৰ কোচিত চলচ্চিত্ৰ তাৰকা ৰজনী চাণ্ডিৰ ঘৰুৱা সহায়ক হিচাপে কৰ্মৰত হৈ আছে। উল্লেখ্য যে, সোমবাৰে ঘোষণা হোৱা ফলাফল অনুসৰি এলবাৰ্টে প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

তেওঁৰ লটাৰীৰ নম্বৰটো আছিল ২২২২৮২। কেৰালাৰ এৰ্নাকুলাম জিলাৰ এজেণ্ট জন এমডিয়ে এলবাৰ্টক এই টিকট বিক্ৰী কৰিছিল।

ইতিমধ্যে এই লটাৰীৰ পুৰস্কাৰ দাখিল প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। এলবাৰ্টে কোচিৰ বেংকক তেওঁৰ লটাৰীৰ টিকত হস্তান্তৰ কৰিছে। ২৫০ টকাত ক্ৰয় কৰা এই লটাৰীৰ বিনিময়ত তেওঁ সকলো ধৰণৰ টেক্স কৰ্তন কৰাৰ পাছত লাভ কৰিব ৬.৫ কোটি টকা।

Also Read: দিল্লী বিধানসভাত বাজেট উত্থাপনত গৃহ মন্ত্ৰণালয়ৰ বাধাঃ আপে ক'লে এয়া গুণ্ডামি...

কেৰালা লটাৰী