Advertisment

অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা কৰিলে কেৰালাৰ প্ৰেমিকে

অসমৰ এগৰাকী যুৱতীক বেংগালুৰুত অতি নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে। বেংগালুৰুৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি ২৫ বছৰীয়া মায়া গগৈ নামৰ যুৱতীগৰাকীক চুৰীৰে আঘাত কৰি অতি নৃশংসভাৱে হত্যা কৰা হৈছে তেওঁৰেই এপাৰ্টমেণ্টত। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসমৰ যুৱতীক বেংগালুৰুত হত্যা

ডিজিটেল ডেস্কঃ অসমৰ এগৰাকী যুৱতীক বেংগালুৰুত অতি নৃশংসভাৱে হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে। বেংগালুৰুৰ ইন্দিৰানগৰত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২৫ বছৰীয়া মায়া গগৈ নামৰ যুৱতীগৰাকীক চুৰীৰে আঘাত কৰি অতি নৃশংসভাৱে হত্যা কৰা হৈছে তেওঁৰেই এপাৰ্টমেণ্টত। 

Advertisment

জানিব পৰা মতে মায়া গগৈ নামৰ অসমৰ এই যুৱতীগৰাকী কৰ্মসূত্ৰে বেংগালুৰু ইন্দিৰানগৰত বাস কৰিছিল। তাতেই তেওঁক তেওঁৰ প্ৰেমিক আৰভ অনয়ে হত্যা কৰিছে। আৰভৰ ঘৰ কেৰালাৰ কন্নুৰত।

ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টৰ চিচি টিভি কেমেৰাত আৱদ্ধ হোৱা দৃশ্য অনুসৰি আৰভ এই এপাৰ্টমেণ্টত যোৱা তিনিদিন ধৰি আছে। মায়া গগৈৰ মৃতদেহ উদ্ধাৰ হোৱাৰ এদিন পাছত চিচি টিভি কেমেৰাত দেখা গৈছে এখন কেবৰ জৰিয়তে আৰভে সেই এপাৰ্টমেণ্ট ত্যাগ কৰিছে।

আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰি অনুমান কৰিছে মায়াক হত্যা কৰাৰ পাছতো সেই ফ্লেটতে আছিল আৰভ। মৃতদেহৰ কাষত আৰক্ষীয়ে পাইছে ছিগাৰেটৰ টুকুৰা। তাৰোপৰি আৰক্ষীয়ে অনুমান কৰিছে মায়াৰ মৃতদেহটোৰ কিবা এটা ব্যৱস্থা কৰাৰ চিন্তা কৰিছিল আৰভে। কিন্তু তেনে পৰিকল্পনা ব্যৰ্থ হোৱাত তেনেকৈয়ে তাতে এৰি পলায়ন কৰিছে।

কিন্তু আৰভে মায়াক কিয় হত্যা কৰিলে সেই বিষয়ে কোনো তথ্য এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। মায়া গগৈ নামৰ এই যুৱতীগৰাকীয়ে এখন ব্যক্তিগত ফাৰ্মত কৰ্মৰত হৈ আছিল। তাৰোপৰি তেওঁ আছিল এগৰাকী ইউটিউব কনটেণ্ট ক্ৰিয়েটৰ। তেওঁ ধাৰাবাহিকভাৱে ইউটিউবত ফেচন, খাদ্য আৰু তেওঁৰ দৈনন্দিন জীৱনত কৰি অহা কাম-কাজসমূহ তেওঁৰ অনুৰাগীসকলক দেখুৱাই আহিছিল।

 

অপৰাধ বেংগালুৰু