জুবিন গাৰ্গ, অনুৰাধা শৰ্মা পূজাৰী আৰু ধ্ৰুৱজ্যোতি শৰ্মালৈ অসম ছ'চিঅ' লিটাৰেৰী ক্লাবৰ বঁটা

জুবিন গাৰ্গ, অনুৰাধা শৰ্মা পূজাৰী আৰু ধ্ৰুৱজ্যোতি শৰ্মালৈ অসম ছ'চিঅ' লিটাৰেৰী ক্লাবৰ বঁটা

author-image
Asomiya Pratidin
New Update
জুবিন গাৰ্গ, অনুৰাধা শৰ্মা পূজাৰী আৰু ধ্ৰুৱজ্যোতি শৰ্মালৈ অসম ছ'চিঅ' লিটাৰেৰী ক্লাবৰ বঁটা

জুবিন গাৰ্গ, অনুৰাধা শৰ্মা পূজাৰী আৰু ধ্ৰুৱজ্যোতি শৰ্মালৈ অসম ছ'চিঅ' লিটাৰেৰী ক্লাবৰ বঁটা

ডিজিটেল ডেস্কঃ অসম ছ'চিঅ' লিটাৰেৰী ক্লাবৰ ডেৰশ বছৰীয়া গৌৰৱময় যাত্ৰাৰ সুবাদত তিনি বিশিষ্ট অসমীয়ালৈ আগবঢ়োৱা অসম-বংগ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা শনিবাৰে নিশা আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় কলকাতাৰ চল্টলেকস্থিত ইষ্টাৰ্ণ জ'নেল কালচাৰেল চেন্টাৰৰ প্ৰেক্ষাগৃহত। সমান্তৰালকৈ ভাৰতীয় সেনা বাহিনীৰ কল্যাণ নিধিলৈ এএছএল ক্লাবৰ তৰফৰ পৰা নগদ পঞ্চাশ হেজাৰ টকা আগবঢ়োৱা হয়।

Advertisment

আবেলিৰ পৰাই লোকে লোকাৰণ্য হৈ পৰে চল্টলেকস্থিত ই.জেড.চি.চিৰ প্ৰাংগন। যেন কাৰ্ণিভেল চিনেমা হ'লৰ সন্মুখ ভাগ জয় পৰি গৈছিল এ.এছ.ক্লাৱৰ ডেৰশ বছৰীয়া জয়ন্তী উছৱত।

জাতীয় গৌৰৱ জুবিন গাৰ্গক চাবলৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ মাজতে সন্ধিয়া এক নান্দনিক পৰিৱেশৰ মাজত অসমৰ জনপ্ৰিয় ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক ASL"সাহিত্যাৰ্ণব"বঁটাৰে বিভূষিত কৰে এ, এছ,এল ক্লাবে । আনহাতে বিশিষ্ট নাট্যকাৰ,সাংবাদিক তথা সুবক্তা ধ্ৰুৱজ্যোতি শৰ্মাক বিভূষিত কৰা হয় ASL "কথাসূৰ্য" বঁটাৰে ।

এই বঁটাত আছে নগদ দহ হেজাৰ টকা, অসমীয়া ফুলাম গামোচা, বংগীয় উত্তৰীয় , প্ৰশস্তি পত্ৰ আৰু এক মনোৰম স্মাৰক। ভাৰতীয় সেনাৰ লেঃ জেনেৰেল, জি অ' চিৰ ইষ্টাৰ্ণ কমাণ্ডাৰ ৰাণাপ্ৰতাপ কলিতাৰ গৌৰৱময় উপস্থিতিত এই বঁটা প্ৰদান কৰে ডেৰশ বছৰীয়া জয়ন্তী উছৱৰ সভাপতি প্ৰকাশ আচাৰ্য, সম্পাদক পৰিমল দাস তথা কৰ্মকৰ্তা ৰীণা আচাৰ্য, পিকুটি সাহা, ৰেখা চলিহা,কৰুণা কান্ত ডেকা, প্ৰশান্ত শৰ্মা আদি জ্যেষ্ঠ সদস্যবৃন্দই ।

বঁটা প্ৰাপ্তিৰ আনন্দই লেখকৰ সৃষ্টিকামী চেতনাত অতুলনীয় প্ৰভাৱ পেলোৱাৰ কথা ব্যক্ত কৰি সাহিত্য সাধক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, এই বঁটা লাভ কৰি তেওঁ গৌৰৱান্বিত কিয়নো এ, এছ, ক্লাবৰ বুকুত কৰ্ষণ কৰিয়েই জীৱনৰ প্ৰথমখন উপন্যাস "হৃদয় এক বিজ্ঞাপন" ৰচনা কৰিছিল। তেওঁ আকৌ কয় এছ এল ক্লাব নহয় ই জাতীয় জীৱন ধন্য কৰা এক মহৎ ঐতিহ্য।

ধ্ৰুৱজ্যোতি শৰ্মাই কয়, প্ৰতিটো বঁটাই প্ৰাপকক অধিক দায়বদ্ধ কৰি তোলে আৰু মনসংযোগী কৰি তোলে। ইফালে অনুষ্ঠানটোত নিশা ৮- ৪৫ বজাত জুবিন গাৰ্গে গ্ৰহণ কৰে ASL ICON জাতীয় গৌৰৱ বঁটা। বঁটা প্ৰদান কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ অফ চীফ ৰাণাপ্ৰতাপ কলিতা, জুবিন গাৰ্গৰ সহপাঠী পাৰ্থ বৰঠাকুৰ, সাংবাদিক নীপ কুমাৰ বৰুৱা, অনুৰাধা শৰ্মা পূজাৰী আদি বিশিষ্ট ব্যক্তিসকলে ।

শিখা ভট্টাচাৰ্য আৰু ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানত মান পত্ৰ পাঠ কৰে ক্ৰমে কস্তুৰী গোস্বামী, মেঘালী গোস্বামী আৰু মনীষা শৰ্মা বৰঠাকুৰে । ইয়াৰ আগেয়ে মনীষা শৰ্মা বৰঠাকুৰে সম্পাদনা কৰা, ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ "সংক্ৰান্তি" উন্মোচন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া অম্লান বৰুৱাই ।

একেটা অনুষ্ঠানতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, বিশিষ্ট সমাজ সেৱিকা ৰত্না মিত্ৰ আৰু বিজয় গাঢ়োদিয়া । মামনি গোস্বামীৰ নেতৃত্বত, প্ৰশান্ত বৰদলৈ সুৰাৰোপিত তথা ক্লাবৰ মহিলা সদস্যসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী অনিতা শৰ্মাই এটি নান্দনিক নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।

ইফালে ডেৰশ বছৰীয়া গৌৰৱময় পৰিক্ৰমাক মিঠা সোঁৱৰণী কৰিবলৈ পাৰ্থ বৰঠাকুৰে সম্পাদনা কৰা আৰু মনীষা বৰঠাকুৰে কণ্ঠদান কৰা তথ্যচিত্ৰ এখন সম্প্ৰচাৰ কৰা হয়। যিয়ে আৱেগিক কৰি তোলে উপস্থিত ৰাইজক।

জুবিন গাৰ্গ অনুৰাধা শৰ্মা পূজাৰী ধ্ৰুৱজ্যোতি শৰ্মা