সমকামী বিবাহৰ বিৰোধিতা অসমৰ লগতে আন ৰাজ্যৰ...

বুধবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কয় যে সমকামী বিবাহৰ বিষয়টোত সাতখন ৰাজ্যৰ পৰা সঁহাৰি লাভ কৰিছে ।

author-image
Asomiya Pratidin
New Update
সমকামী বিবাহৰ বিৰোধিতা অসমৰ লগতে আন ৰাজ্যৰ...

same sex marriage

ডিজিটেল ডেস্কঃ উচ্চতম ন্যয়ালয়ত সমকামী বিবাহক লৈ শুনানি চলি আছে। ইয়াৰ মাজতে বুধবাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কয় যে সমকামী বিবাহৰ বিষয়টোত সাতখন ৰাজ্যৰ পৰা সঁহাৰি লাভ কৰিছে । ৰাজস্থান, অসম আৰু অন্ধ্ৰপ্ৰদেশে সমকামী বিবাহৰ বৈধতাক বিৰোধিতা কৰিছে।

Advertisment

কেন্দ্ৰৰ হৈ আজিৰ শুনানিত হাজিৰ হৈছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠক তেওঁ কয় যে মণিপুৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছিকিমৰ দৰে ৰাজ্যসমূহে কৈছে যে বিষয়টোৰ ওপৰত আলোচনাৰ প্ৰয়োজন। যাৰ বাবে তেওঁলোকে তৎক্ষণাৎ সিদ্ধন্ত জনাব নোৱাৰিব।

উল্লেখ্য যে, ১৮ এপ্ৰিলত কেন্দ্ৰই প্ৰত্যোক ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিছিল। অসমে কৈছে যে বিষয়টোৱে বৰ্তমান ৰাজ্যখনত সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি আৰু ধৰ্মৰ সৈতে বলবৎ কৰা বিবাহ আৰু ব্যক্তিগত আইন সম্পৰ্কীয় আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাইছে।অৱশ্যে বাকী এই ক্ষেত্ৰটোত এতিয়াও বহু ৰাজ্যই উত্তৰ দিবলৈ বাকী আছে।

Also Read: 'প্রতিদিন টাইম’ৰ অপিনিয়ন পোলঃ বৰ্তমানৰ চৰকাৰক লৈ কিমান সন্তুষ্ট জনতা, কোনটো দল প্ৰিয়? জানক সৱিশেষ...

same sex marriage