/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/36bac2f8-1f8e-469e-b004-371c9a8b8b8b/dipsikha.jpg)
dipsikha hazarika
উদ্ধাৰ হ'ল দীপশিখা হাজৰিকাৰ মৃতদেহ।
উত্তৰাখণ্ডত পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈ সন্ধানহীন হৈছিল দীপশিখা।
হঠাৎ অহা হিমস্খলনৰ ফলত সংঘটিত হৈছিল এই ঘটনা।
পিতৃ আৰু জ্যেষ্ঠ ভাতৃ বৰ্তমান উপস্থিত আছে উত্তৰাখণ্ডত।
শুকুৰবাৰে দুয়ো দিল্লীৰ পৰা উত্তাখণ্ডলৈ ৰাওনা হৈছিল।
শুকুৰবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছিল কেইবাটাও মৃতদেহ।
সেইকেইটাৰ ভিতৰত আছিল দীপশিখাৰ মৃতদেহ।
মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ'ব মৃতদেহ।
এতিয়াও উদ্ধাৰ হোৱা নাই ৩ জন লোকৰ মৃতদেহ।