/asomiyapratidin/media/media_files/2025/01/29/rMZXNCtnaCDy9dc1TODf.jpg)
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ পুৱতি নিশা মৃত্যুক সাৱটিলে অসমৰ এগৰাকী ভক্তই। মৌনী অমাৱস্যা উপলক্ষে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল হাইলাকান্দিৰ নীতিৰঞ্জন পাল নামৰ ব্যৱসায়ীগৰাকীয়ে।
সেই সময়তে মহাকুম্ভ মেলাৰ সংগমস্থলীত অমৃত স্নানৰ বাবে কোটি কোটি ভক্তৰ সমাগম হোৱাৰ লগতে তেওঁলোকৰ মাজত হতাহতিৰ সৃষ্টি হয়। ফলত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হোৱাৰ লগতে আহত হয় শ শ ভক্ত।
এই আহতসকলৰ মাজত আছিল হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰীয়ে তেওঁক আন আন আহতৰ সৈতে তেওঁকো স্থানীয় হাস্পতাললৈ লৈ যোৱা হৈছিল।
কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, নীতিৰঞ্জন পাল হাইলাকান্দিৰ ঔম ছুইটছ স্বত্বাধিকাৰ।
ইফালে নীতিৰঞ্জন পালৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে হাইলাকান্দিত শোকৰ ছাঁ পৰিছে। অৱশ্যে তেওঁৰ পৰিয়ালে এতিয়ালৈকে এই সন্দৰ্ভত প্ৰশাসনৰ পৰা কোনো খবৰ পোৱা নাই। তেওঁৰ মৃতদেহ কিদৰে স্বগৃহলৈ আনিব বা কিদৰে এই বিষয়ত যোগাযোগ কৰিব সেয়াও স্পষ্ট হোৱা নাই।
ইফালে সন্দেহ কৰা হৈছে মহাকুম্ভৰ এই অঘটনত অসমৰ আন ভক্তও আহত হোৱাৰ সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত অৱশ্যে তেনে কোনো খবৰ অহা নাই। কিন্তু অসমৰ বহু হাজাৰ হাজাৰ লোক মহাকুম্ভ মেলাস্থলীত আছে।
অসমৰ কেইবাজনো সত্ৰাধিকাৰে ইতিমধ্যে অমৃত স্নান কৰিছে। এইসকলৰ ভিতৰত আছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীও। অসমৰ ১০ জনীয়া এই সত্ৰাধিকাৰৰ দলটো সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। আনহাতে আন এটা সত্ৰৰ ভকত, বৈষ্ণৱৰ দলে ইতিমধ্যে মহাকুম্ভ মেলাৰ স্থান ত্যাগ কৰি অসম অভিমুখে ৰাওনা হৈছে।