শ্ৰদ্ধা হত্যাকাণ্ড লাভ জেহাদ নহয় ! হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আসাদুদ্দিন ওৱেইছি...

শ্ৰদ্ধা হত্যাকাণ্ড লাভ জিহাদ নহয় !
শ্ৰদ্ধা হত্যাকাণ্ড লাভ জিহাদ নহয় !

ডিজিটেল ডেস্কঃ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা শ্ৰদ্ধা হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। অতি শেহতীয়াকৈ এই হত্যাকাণ্ডকলৈ মুখ খুলিছে এ আই এম আই এমৰ মূৰব্বী আসদুদ্দিন ওৱেইছিয়ে।

কেৱলল মুখ খুলাই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা মন্তব্যৰো বিৰোধিতা কৰি নিজৰ যুক্তি আগবঢ়াইছে। দেশজুৰি এই হত্যাকাণ্ডক লাভ জেহাদ আখ্যা দিয়া হৈছে যদিও আসাদুদ্দিন ওৱেইছিৰ মতে এয়া লাভ জেহাদৰ ঘটনা নহয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই ঘটনাক লাভ জেহাদ আখ্যা দিছিল। ওৱেইছিয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে।

আনহাতে প্ৰজ্ঞা ঠাকুৰেও এই ঘটনাক লাভ জিহাদৰ আখ্যা দিছে। উল্লেখ্য যে, শ্ৰদ্ধা হত্যাকাণ্ড এনে এক সময়ত সংঘটিত হৈছে যি সময়ত গুজৰাট আৰু হিমাচলৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত হৈ পৰিছে।

গতিকে এই হত্যাকাণ্ডই স্বাভাৱিকতে ৰাজনৈতিক ইছ্যু হিচাপে আত্মপ্ৰকাশ কৰিছে। গুজৰাট নিৰ্বাচনত শ্ৰদ্ধা হত্যাকাণ্ডৰ ঘটনাই স্থান লাভ কৰিছে।

ওৱেইছিৰো স্পষ্ট অভিযোগ- শ্ৰদ্ধা হত্যাকাণ্ডক ৰাজনৈতিক ৰং দিয়া হৈছে।ওৱেইছিৰ মতে শ্ৰদ্ধা হত্যাকাণ্ড লাভ জিহাদৰ ঘটনা নহয়, এয়া এগৰাকী নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু হত্যাৰ ঘটনা। ইয়াক ধৰ্মৰ দৃষ্টিৰে চালে অন্যায় কৰা হ’ব।

উল্লেখ্য যে, দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰেই অনুৰূপ ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ আজমগড়ত। ৰাজকুমাৰ যাদৱ নামৰ এজন যুৱকে আৰধনা নামৰ এগৰাকী মহিলাক তেওঁৰ ভাতৃৰ সৈতে প্ৰথমে মুখ বন্ধ কৰি হত্যা কৰে আৰু পৰৱৰ্তী সময়ত আৰধনাৰ মৃতদেহ ৬ টুকুৰা কৰি প্লাষ্টিকেৰে বান্ধি এটা কুঁৱাত পেলাই দিয়ে।

আনহাতে হত্যাকাণ্ড সংঘটিত হোৱাৰ স্থানত এটা পুখুৰীত শ্ৰদ্ধাৰ কটা মূৰ পেলাই দিয়ে। আসাদুদ্দিন ওৱেইছিয়ে শ্ৰদ্ধা হত্যাকাণ্ড যদি লাভ জিহাদৰ ঘটনা হয় তেন্তে আজমগড়ৰ এই ঘটনা কি হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in