/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5ab30b8c-a054-4efb-94b3-b2d400f3e31c/jhjhjhg.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ চৰ্চিত প্ৰিয়া সিং ঘটনাৰ ৩ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ডিচিপিৰ নেতৃত্বত গঠিত এছআইটিয়ে এই তিনিজনক গ্ৰেপ্তাৰ কৰে। দেওবাৰেগ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন ক্ৰমে- অশ্বজিত গাইকৱাড়, ৰোমিল আৰু আন এগৰাকী সহযোগী।
অভিযোগ অনুসৰি এগৰাকী শীৰ্ষ আমোলাৰ পুত্ৰ অশ্বজিতে প্ৰেমিকাক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ চেষ্টা কৰে। এই ঘটনাত যুৱতীগৰাকী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।
ঘটনাৰ পাছতে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল। বৰ্তমান হাস্পতালতে আছে যুৱতীগৰাকী।
ঘটনাৰ বিৱৰণী অনুসৰি যুৱতী গৰাকীৰ মতে ৫-৬ বছৰ ধৰি অশ্বজিতৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল। ঘটনাৰ দিনা অশ্বজিতৰ ফোন আহিছিল। তাৰপাছতে তেওঁক যুৱতীগৰাকীয়ে লগ কৰিবলৈ গৈছিল। গৈ দেখিছিল যে তাত এটা অনুষ্ঠান চলি আছিল য'ত যুৱকজনৰ পৰিয়ালৰ লগতে অন্য বন্ধুবৰ্গও আছিল। তেতিয়া যুৱতীগৰাকীয়ে লক্ষ্য কৰিছিল যে অশ্বজিতে যুৱতীগৰাকীক বেয়া ব্যৱহাৰ কৰি আছে।
তাৰপাছতে তাৰ পৰা ওলাই আহিছিল যুৱতীগৰাকী। কিছু সময় পাছত যুৱকজন আৰু তেওঁৰ বন্ধুও ওলাই আহি যুৱতীগৰাকীৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। যুৱকজনে চৰিয়াইছিল আৰু ডিঙি চেপিছিল। মাৰপিটো কৰিছিল যুৱতীগৰাকীক। কেৱল ইমানেই হয় যুৱতীগৰাকীক গাড়ীৰে খুন্দিয়াবলৈ নিৰ্দেশ দিছিল চালকক। যাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ এতিয়া হাস্পতালৰ বিচনাত যুৱতীগৰাকী।