/asomiyapratidin/media/media_files/2025/04/05/ZEY5yOk958pWMskVgXq0.jpg)
ডিজিটেল ডেস্কঃ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ৪০০ একৰ অৰণ্য ধ্বংস কৰি নগৰীয়া জীৱন উন্নয়নৰ স্বাৰ্থত মধ্যৰাতি চলিছিল বুলডোজাৰ। অৰণ্য ধ্বংসৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰা গণতান্ত্ৰিক প্ৰতিবাদকো শক্তিৰে দমন কৰি নিশা বন্যপ্ৰাণীৰ সেউজ বাসস্থানত যেতিয়া চাৰিওফালৰ পৰা বুলডোজাৰ প্ৰৱেশ কৰিছিল সেই সময়তে গৃহহীন হৈ পৰা ময়ূৰ, হৰিণ আদিৰ কান্দোনৰ কৰুণ শব্দ ভাঁহি আহিছিল।
বন্যপ্ৰাণীৰ সেই কান্দোনে যিদৰে দেশবাসীৰ হৃদয়ক জোকাৰি গৈছিল ঠিক সেইদৰেই এই কান্দোনৰ কৰুণ সুৰত টোপনি ভাঙিছিল ন্যায়ালয়ৰো। সেয়ে বিষয়টোত তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি উচ্চতম ন্যায়ালয়ে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ নিয়ন্ত্ৰণত থকা সেই প্ৰকৃতি বিৰোধী সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে।
ন্যায়ালয়ৰ হস্তক্ষেপত অৰণ্যখনৰ বন্যপ্ৰাণীখিনিয়ে কিছু পৰিমাণে সকাহ পালে যদিও দেশৰ আন আন ৰাজ্যত দৈনিক কিন্তু এনেদৰেই গৃহহীন হৈ আহিছে হাজাৰ হাজাৰ বন্যপ্ৰাণী। কেৱল বন্যপ্ৰাণীয়েই নহয়, বনাঞ্চল ধ্বংসৰে সমগ্ৰ দেশলৈয়ে বিপদ কঢ়িয়াই আনিছে প্ৰকৃতি বিৰোধীসকলে।
শেহতীয়াকৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা তথ্য অনুসৰি সমগ্ৰ দেশত যোৱা কেইটামান বছৰত দিল্লী, গোৱা আৰু ছিকিম এই তিনিওখন ৰাজ্য একত্ৰিতভাৱে সামৰি লোৱা ভৌগলিক এলেকাৰ সম পৰিমাণতকৈ অধিক বন ভূমি ধ্বংস কৰা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা তথ্য অনুসৰি দেশৰ ২৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বেদখল হৈছে ১৩,০৫৬ বৰ্গ কিলোমিটাৰৰ বনাঞ্চল।
এই পৰিমাণ যে আৰু অধিক হ’ব সেয়াও নিশ্চিত। কিয়নো বিহাৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান, তেলেংগানা, পশ্চিমবংগ, নাগালেণ্ড, দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখত কিমান বনভূমি বেদখল কৰা হৈছে সেয়াও এতিয়াও সেই তথ্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা হোৱা নাই।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে যোৱা বছৰৰ এপ্ৰিল মাহত দেশৰ সকলো ৰাজ্য আৰু কেন্ৰীি য় শাসিত অঞ্চলৰ বনাঞ্চল বেদখলৰ তথ্য দাখিল কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ক নিৰ্দেশ প্ৰদান কৰিছিল। সেই সময়ত দেশত ৭,৫০৬.৪৮ বৰ্গ কিলোমিটাৰ বনাঞ্চল বেদখল কৰা বুলি এক তথ্য প্ৰকাশ পাইছিল। তাৰ পাছতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে পৰিবেশ মন্ত্ৰণালয়ক বনধ্বংসৰ তথ্য দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল।
সেউজ ন্যায়াধীকৰণত দাখিল হোৱা তথ্য অনুসৰি সৰ্বাধিক বনাঞ্চল ভূমি বেদখল কৰা হৈছে মধ্যপ্ৰদেশত।ৰাজ্যখনত মুঠ ৫,৪৬০.৯ বৰ্গ কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰা হৈছে। তাৰ পাছতেই আছে অসম।
সেউজ ন্যায়াধীকৰণত দাখিল হোৱা তথ্য অনুসৰি দেশৰ সৰ্বাধিক বনাঞ্চল দখল হোৱা ৰাজ্যৰ তালিকাৰ দ্বিতীয় স্থানত আছে অসম। অসমৰ মুঠ ৩,৬২০.৯ বৰ্গ কিলোমিটাৰ বনাঞ্চল বেদখল কৰা হৈছে।
এই তালিকাৰ তৃতীয় স্থানত আছে কৰ্ণাটক। ৰাজ্যখনৰ বনভূমি বেদখল হৈছে ৮৬৩.০৮ বৰ্গ কিলোমিটাৰ। বন ভূমি বেদখলৰ এই তালিকাত ইয়াৰ পাছতে ক্ৰমান্বয়ে আছে ৫৭৫.৫৪ বৰ্গ কিলোমিটাৰেৰে মহাৰাষ্ট্ৰ, ৫৩৪.৯ বৰ্গ কিলোমিটাৰেৰে অৰুণাচল প্ৰদেশ, ৪০৫.০৭ বৰ্গ কিলোমিটাৰেৰে ওড়িশা, ২৬৪.৯৭ বৰ্গ কিলোমিটাৰেৰে উত্তৰ প্ৰদেশ, ২৪৭.৭২ কিলোমিটাৰেৰে মিজোৰাম, ২০০.৪০ বৰ্গ কিলোমিটাৰেৰে ঝাৰখণ্ড, ১৬৮.৯১ বৰ্গ কিলোমিটাৰেৰে ছত্তিশগড়।
তথ্য অনুসৰি তামিলনাডুত ১৫৭.৬৮ বৰ্গ কিলোমিটাৰ, অন্ধ্ৰপ্ৰদেশত ১৩৩.১৮ বৰ্গ কিলোমিটাৰ, গুজৰাটত ১৩০.০৮ বৰ্গ কিলোমিটাৰ, পঞ্জাৱত ৭৫.৬৭ বৰ্গ কিলোমিটাৰ, উত্তৰাখণ্ডত ৪৯.৯২ বৰ্গ কিলোমিটাৰ, কেৰালাত ৪৯.৭৫ বৰ্গ কিলোমিটাৰ, ত্ৰিপুৰাত ৪২.৪২ বৰ্গ কিলোমিটাৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ৩৭.৪২ বৰ্গ কিলোমিটাৰ আৰু মণিপুৰত ৩২.৭ বৰ্গ কিলোমিটাৰ বন ভূমি বেদখল কৰা হৈছে।
কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা তথ্যত এই কথাও উল্লেখ যে, এতিয়ালৈকে বেদখলকৃত এই বনভূমিৰ পৰা ৪০৯.৭৭ বৰ্গ কিলোমিটাৰ বেদখলমুক্ত কৰা হৈছে।