ৰামায়ন, গীতাৰ লগতে কাৰাগাৰত আৰু কি কিতাপ পঢ়িব বিচাৰিছে কেজৰিৱালে?

ৰামায়ন, গীতাৰ লগতে কাৰাগাৰত আৰু কি কিতাপ পঢ়িব বিচাৰিছে কেজৰিৱালে?

ডিজিটেল ডেস্কঃ সুৰা নীতি কেলেংকাৰীৰ গোচৰত সোমবাৰে ৰাউজ এভিনিউ কোৰ্টে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ১৫ এপ্ৰিললৈ ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল আৰু পাছত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব।

মুখ্যমন্ত্ৰীগৰাকীক কাৰাগৰলৈ প্ৰেৰণ কৰাৰ সময়ত তেওঁ কিছু দাবী কৰিছে। কাৰাগাৰত থকা সময়ত সময় কটাবলৈ কিতাপ পঢ়িবলৈ বিচাৰিছে কেজৰিৱালে। ৩ খন বিশেষ কিতাপ বিচাৰিছে কেজৰিৱালে।

এই তিনিখন কিতাপৰ ভিতৰত আছে ৰামায়ন, শ্ৰীমদভাগৱত গীতা আৰু সাংবাদিক নীৰাজ চৌধুৰীয়ে লিখা হাউ প্ৰাইম মিনিষ্টাৰ ডিচাইড। ইয়াৰোপৰি কেজৰিৱালৰ অধিবক্তাই কিছুমান জৰুৰী ঔষদ দিয়াৰ দাবী কৰে। লগতে কেজৰিৱালৰ স্বাস্থ্যজনিত কাৰণৰ প্ৰতি  লক্ষ্য ৰাখি জেলৰ ভিতৰত ডাইটৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে।  

উল্লেখ্য যে, ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। ১ এপ্ৰিললৈ ইডিৰ জিম্মাৰ ম্যাদ থকা কেজৰিৱালক আজি ন্যায়ালয়ত হাজিৰ কৰোৱা হৈছিল। ইডিয়ে দাবী কৰা অনুসৰি ইডিৰ তদন্তত ভালদৰে সহযোগ কৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰামায়ন, গীতাৰ লগতে কাৰাগাৰত আৰু কি কিতাপ পঢ়িব বিচাৰিছে কেজৰিৱালে?
উচ্চতম ন্যায়ালয়ে ক'লে ব্য়াসজীৰ তহখনাত পূজা হ'ব নে নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in