/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/12/kejriwal-12.jpg)
Delhi Chife Minister Arvind Kejriwal
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মঙলবাৰে এক টুইটযোগে বিজেপিক আক্ৰমণ কৰে। অভিযোগ উত্থাপন কৰি কয় যে গেৰুৱা দলটোৱে তেওঁক প্ৰস্তুত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
অৰবিন্দ কেজৰিৱালে টুইট কৰি বিজেপিক কটাক্ষ কৰি কয়, "পঞ্জাৱৰ পূৰ্বে কৈছিল কেজৰিৱাল এজন সন্ত্ৰাসবাদী। গৃহ মন্ত্ৰালয়ে অনুসন্ধানো কৰিলে । সেয়া কি হ'ল? এতিয়া নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কৈছে কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত। যদি কেজৰিৱাল এজন সন্ত্ৰাসবদী বা দুৰ্নীতিগ্ৰস্ত তেন্তে গ্ৰেপ্তাৰ কৰক। কেজৰিৱাল সন্ত্ৰাসবাদী বা দুৰ্নীতিগ্ৰস্ত ব্যক্তি নহয়। কেজৰিৱাল জনসাধাৰণৰ প্ৰিয়। এইটোৱে বিজেপিক আঘাত কৰিছে''।
पंजाब के पहले PM बोले - केजरीवाल आतंकवादी है। HM ने जाँच बिठा दी। क्या हुआ उसका?
अब गुजरात/MCD के पहले कह रहे हैं केजरीवाल भ्रष्ट है
अरे, केजरीवाल आतंकवादी या भ्रष्ट है तो गिरफ़्तार करो ना?
केजरीवाल ना आतंकवादी है ना भ्रष्ट।केजरीवाल जनता का लाड़ला है। इस से बीजेपी को तकलीफ़ है— Arvind Kejriwal (@ArvindKejriwal) November 8, 2022
উল্লেখ্য যে, গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ পূৰ্বে আপে নিজকে বিজেপিৰ মুখ্য প্ৰতিদ্বন্দি হিচাপে ঘোষণা কৰিছে। এই নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপৰ মাজত অব্যাহত আছে বাক বিতণ্ডা। ইতিমধ্যে গুজৰাটৰ বাবে মুখ্যমন্ত্ৰী পদকে ধৰি আন পদৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰিছে আপে।