/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/modi-video.jpg)
ফাইল ফটো
ডিজিটেল ডেস্ক: আপ আৰু বিজেপিৰ মাজত বাক বিতণ্ডা চলিয়েই থাকে। ইয়াৰ মাজতে বিজেপিক তীব্ৰ কটাক্ষ কৰি মন্তব্য আগবঢ়াই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।তেওঁ দাবী কৰে যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপি পৰাস্ত হ'ব , কংগ্ৰেছে ইতমধ্যে গুজৰাটৰ পৰা বাহিৰ হৈছেয়েই। গতিকে জয় লাভ কৰিব আম আদমী পাৰ্টিয়ে।
বিজেপিয়ে অভিযোগ উত্থাপন কৰি কৈছে যে আপে মেধা পাটকাৰক গুজৰাটৰ ৰাজনীতিত প্ৰৱেশ কৰাইছে। এই সন্দৰ্ভত কেজৰিৱালে কয় যে বিজেপি পৰাস্ত হ'ব। কিন্তু বিজেপিয়ে কওক যে বিগত ২৭ বছৰত এনে কি কাম নকৰিলে যি তেওঁলোকে আগন্তুক ৫ বছৰত কৰাৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আপে মেধা পাটকাৰক টিকট দিছিল। বিজেপিয়ে নৰ্মদা বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰি পাটকাৰৰ ওপৰত গুজৰাটৰ জনসাধাৰণৰ স্বাৰ্থৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। গতিকে বিজেপিয়ে পুনৰ অভিযোগ উত্থাপন কৰিছে যে আপে পুনৰ মেধা পাটকাৰক ৰাজনীতিলৈ আনিছে আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ যো জা চলাইছে।
ইয়াৰ পাছতে কেজৰিৱালে বিজেপিক কটাক্ষ কৰি কয় যে, মই শুনিবলৈ পাইছো যে বিজেপিয়ে নৰেন্দ্ৰ মোডীৰ পাছত ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰত্যাশী কৰিব। সংবাদ মাধ্যমক উদ্দেশ্য কৰি কেজৰিৱালে কয় যে পৰৱৰ্তী সংবাদমেলত, তেওঁলোকক সোধক যে কেজৰিৱালে অভিযোগ কৰিছে যে আপুনি ছোনিয়া গান্ধীক মোডীৰ উত্তৰাধিকাৰী আৰু প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰি আছে আৰু আপুনি এই বিষয়ে কি ক'ব? '' কিয়নো মেধা পাটকাৰক গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু ছোনিয়া গান্ধীক বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীত্ব দিয়া একেই কথা।
উল্লেখ্য যে, ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া গুজৰাটৰ বিধানসভা নিৰ্বাচনত আপে ১৮২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে আপে গুজৰাটত চলাই গৈছে নিৰ্বাচনৰ প্ৰচাৰ। বিভিন্ন প্ৰতিশ্ৰুতি দি আপে গুজৰাটত খোপনি পুতাৰ চেষ্টা কৰিছে। গতিকে এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচন হ'ব লক্ষণীয়।