Advertisment

কোনো মতে আগবাঢ়িল অৰবিন্দ কেজৰিৱাল...

অৱশেষত আগবাঢ়িল অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অৰবিন্দ কেজৰিৱাল ভোট গণনাৰ আৰম্ভণিৰে পৰা পিছ পৰি আছিল যদিও তেওঁ কিছু অগ্ৰগতি ল’বলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কোনো মতে আগবাঢ়িল অৰবিন্দ কেজৰিৱাল...

ডিজিটেল ডেস্কঃ অৱশেষত আগবাঢ়িল অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি অৰবিন্দ কেজৰিৱাল ভোট গণনাৰ আৰম্ভণিৰে পৰা পিছ পৰি আছিল যদিও অৱশেষত তেওঁ কিছু অগ্ৰগতি লবলৈ সক্ষম হৈছে।

Advertisment

৯-৫০ বজাৰ নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি কেজৰিৱালে মুঠ ৪৬৭৯ টা ভোট লাভ কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দি বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ ছাহিব সিঙতকৈ ২৫৪ টা ভোট অধিক লাভ কৰিছে। তাৰোপৰি সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দিক্ষীতে লাভ কৰিছে ৭৪২ টা ভোট।

উল্লেখ্য যে, এই সমষ্টিটোত মুঠ ২৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ ভিতৰত তিনিজন প্ৰাৰ্থীয়ে এই পৰ্যন্ত এটাও ভোট লাভ কৰা নাই। দুজন প্ৰাৰ্থীয়ে লাভ কৰিছে  ১ টাকৈ ভোট। চাৰিজন প্ৰাৰ্থীয়ে লাভ কৰিছে ২ টাকৈ ভোট।  ৩ টাকৈ ভোট লাভ কৰিছে আন ৩ জন প্ৰাৰ্থীয়ে।

দ্বিতীয় ৰাউণ্ডৰ অন্তত সমষ্টিটোত মুঠ ১৮ গৰাকী প্ৰাৰ্থীয়ে দহকৰ ঘৰত ভোট লাভ কৰা নাই।  ইয়াৰ বিপৰীতে নোটাত পৰিছে ৫৯ টা ভোট।

দিল্লী অৰবিন্দ কেজৰিৱাল