অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ

ডিজিটেল ডেস্ক: অৰুণাচলত দুৰ্ঘটনাত পতিত হৈছে সেনাৰ হেলিকপ্টাৰ । পশ্চিম ব’মডিলাৰ মান্দালাত সংঘটিত হৈছে এই ঘটনা। পুৱা ৯.১৫ বজাত এ টি চিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল হেলিকপ্টাৰখনৰ। চিতা হেলিকপ্টাৰখনৰ সন্ধানত ইতিমধ্যেই অভিযান আৰম্ভ কৰিছে সেনাবাহিনীয়ে। হেলিকপ্টাৰখনত আছিল দুজনকৈ পাইলট ।

অৰুণাচল প্ৰদেশৰ ব'মডিলাত অপাৰেচনেল ছৰ্টী উৰুৱাই থকা সেনাৰ চিতা হেলিকপ্টাৰখন এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। খবৰ অনুসৰি পশ্চিম কামেং জিলাৰ চেংগে গাঁৱৰ পৰা উৰা মাৰি অসমৰ মিছামাৰীলৈ গৈছিল হেলিকপ্টাৰখন।

পিছত ডিৰাঙৰ বাংজালেপ গাঁৱৰ ৰাইজে জানিবলৈ দিয়ে যে, দুৰ্ঘটনাগ্ৰস্ত হেলিকেপ্টাৰখন চপাৰৰত সন্ধান পোৱা গৈছে আৰু জ্বলন্ত অৱস্থাত আছে। আৰু এই খবৰ লাভ কৰাৰ পাছতে সেনা, এছ এছ বি আৰু আৰক্ষীৰ অনুসন্ধান তথা উদ্ধাৰকাৰী দল সেই স্থানলৈ ৰাওনা হয়।

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ
বিশিষ্ট চিকিৎসক-লেখক ডাঃ জিতেন বৰকাকতিৰ ‘Secondary Education In Assam’ গ্ৰন্থ উন্মোচন…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in