এমাহ পূৰ্বে খালিস্তানী বুলি পৰিচয় পোৱা অৰ্শ্বদীপ সিঙৰ সন্মুখত নতশিৰ পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান

এমাহ পূৰ্বে খালিস্তানী বুলি পৰিচয় পোৱা অৰ্শ্বদীপ সিঙৰ সন্মুখত নতশিৰ পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান

ডিজিটেল ডেস্ক : টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ খেলত ভাৰতৰ অনভিজ্ঞ বলাৰ অৰ্শবদীপ সিঙৰ সন্মুখত নতশিৰ হ'ল পাকিস্তানী বেটিং বিক্ৰম বাবৰ আজম আৰু মহম্মদ ৰিজৱান । অষ্ট্ৰেলিয়াৰ পেচ বলিঙৰ বাবে খ্যাত বাউন্সাৰ পিটছ মেলব'ৰ্ণত বিশ্বকাপত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাই অৰ্শ্বদীপ সিঙে বিশ্বকাপ কেৰিয়াৰ প্ৰথম ব'লটিতে পতন ঘটালে পাকিস্তানৰ দুৰ্গ বাবৰ আজমৰ । পাকিস্তানৰ অপেনাৰদ্বয়ৰ দ্বিতীয় গৰাকী বেটছমেন মহম্মদ ৰিজৱানেও ৪ ৰাণতেই ইনিংছ সামৰি উভতিব লগীয়া হয় পেভিলিয়নলৈ কেৱল অৰ্শ্বদ্বীপৰ বলিং পৰাক্ৰমৰ বাবেই । পাকিস্তানে ১০ উইকেটৰ অন্তত সংগ্ৰহ কৰে ১৫৭ ৰান ।   

উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে অনুষ্ঠিত এছিয়া কাপত এই দুয়োটা দলৰ মাজতেই অনুষ্ঠিত খেলত এক গুৰুত্বপূৰ্ণ কেছ হেৰুৱাইছিল অৰ্শ্বদ্বীপ সিঙে । তাৰ পাছতেই ইন্টাৰনেটৰ বিভিন্ন চছিয়েল মিডিয়া মাধ্যমত খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিদ্বেষ প্ৰকাশ কৰিছিল অনুৰাগীসকলে । আনকি, খেলুৱৈ গৰাকী পাঞ্জাৱী মূলৰ হোৱাৰ বাবেই খালিস্তানী বুলিও উপহাস কৰা হৈছিল । বহু মাধ্যমত আকৌ ৰাষ্ট্ৰ বিৰোধীও আখ্যা দিয়া হৈছিল খেলুৱৈ গৰাকীক ।

এই সকলো উপহাসৰ প্ৰত্যুত্তৰ স্বৰূপে আজি অৰ্শ্বদ্বীপ সিঙে আগবঢ়ালে এক স্মৰণীয় প্ৰদৰ্শন । কেৱল ৪ অভাৰতে ৩২ ৰা‍নৰ বিপৰিতে সংগ্ৰহ কৰিলে ৩ টা কৈ উইকেট ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in