Advertisment

ৰামদেৱ, বালাকৃষ্ণণনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি...

বিপদে লগ এৰা নাই যোগ গুৰু ৰামদেৱ আৰু তেওঁৰ পতঞ্জলী প্ৰতিষ্ঠানক। আকৌ এবাৰ ৰামদেৱ আৰু পতঞ্জলী আইনী সমস্যাত সোমাই পৰিছে। এইবাৰ ৰামদেৱ আৰু তেওঁৰ পতঞ্জলী বিপদ পৰিছে কেৰালাত।

author-image
Asomiya Pratidin
New Update
ৰামদেৱ, বালাকৃষ্ণণনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি...

ডিজিটেল ডেস্কঃ বিপদে লগ এৰা নাই যোগ গুৰু ৰামদেৱ আৰু তেওঁৰ পতঞ্জলী প্ৰতিষ্ঠানক। আকৌ এবাৰ ৰামদেৱ আৰু পতঞ্জলী আইনী সমস্যাত সোমাই পৰিছে। এইবাৰ ৰামদেৱ আৰু তেওঁৰ পতঞ্জলী বিপদ পৰিছে কেৰালাত।

Advertisment

উল্লেখ্য যে, কেৰালাৰ পালাক্কাড ন্যায়িক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ-২-এ যোৱা ১৬ জানুৱাৰীত পতঞ্জলী আয়ুৰ্বেদৰ বিপণন শাখা দিব্যা ফাৰ্মাচী, বাবা ৰামদেৱ, আচাৰ্য বালকৃষ্ণৰ বিৰুদ্ধে জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছে। এটা গোচৰত আদালতত হাজিৰ নোহোৱাৰ বাবে ৰামদেৱ তেওঁৰ সহযোগী বালাকৃষ্ণ আৰু দিব্যা ফাৰ্মাচীৰ বিৰুদ্ধে এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।

উল্লেখ্য যে, এই গোচৰটো ২০২৪ ৰ অক্টোবৰত ৰুজু কৰা হৈছিল।  মোকৰ্দমাটোত অভিযোগ কৰা হৈছে যে পতঞ্জলীয়ে ইয়াৰ স্বাস্থ্যসেৱা সামগ্ৰীৰ বাবে অসত্য আৰু ভিত্তিহীন দাবী প্ৰচাৰ কৰিছে। তেওঁলোকৰ বিজ্ঞাপনত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ চিকিৎসা সেৱাৰ সন্দৰ্ভত ঔষধ আৰু যাদু প্ৰতিকাৰ (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪ উলংঘা কৰিছে।

এই গোচৰটোত ৰামদেৱ, বালাকৃষ্ণ আৰু দিব্য ফাৰ্মাচীলৈ চমন জাৰি কৰা হৈছিল যদিও তেওঁলোকে আদালতত হাজিৰ হোৱাৰ পৰা বিৰত আছিল। সেয়ে আদালতে তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

মন কৰিবলগীয়া যে, কোভিড পৰিস্থিতিৰ পাছৰে পৰা বাৰে বাৰে ৰামদেৱৰ পতঞ্জলী আইনী মেৰপেছত সোমাই পৰিছে। আধুনিক চিকিৎসা সেৱাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ লগতে বিভ্ৰান্তিমূলক বিজ্ঞাপন প্ৰকাশ কৰি ন্যায়ালয়ৰ ৰোষত পৰিছে। এনে কাৰ্যৰ বাবেই ক্ষতিপূৰণো ভৰিবলগীয়া হোৱাৰ লগতে ক্ষমা বিচাৰি বাৰে বাৰে বিজ্ঞাপনো প্ৰচাৰ কৰিবলগীয়া হৈছে।

তাৰ পাছতো শিক্ষা লোৱা নাই ৰামদেৱ আৰু তেওঁৰ পতঞ্জলীয়ে। কেৰালত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ বিৰুদ্ধে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ বাবে গোচৰ ৰুজু হৈছে। এই গোচৰতে আকৌ তেওঁলোকলৈ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা।

উল্লেখ্য যে, কেৰালাত এনেধৰণৰ মুঠ ১০ ঘটনা আছে। যাৰ ভিতৰত আছে কোজিকোডত চাৰিটা, পালাক্কাডত তিনিটা, এৰ্নাকুলামত দুটা আৰু তিৰুৱন্তপুৰমত এটা। মন কৰিবলগীয়া যে যোৱা ১৫ জানুৱাৰীত এনেধৰণৰ ঔষধ সম্পৰ্কীয় বিভ্ৰান্তিমূলক বিজ্ঞাপন সম্পৰ্কীয় গোচৰৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল।

আদালতে ৰাজ্যসমূহক ভুল চিকিৎসা দাবীৰ বিৰুদ্ধে আইন বলবৎ কৰাত অৱহেলা কৰাৰ বাবে আদালত অৱমাননাৰ সতৰ্কবাণী দিছিল। 

 

পতঞ্জলি ৰামদেৱ