/asomiyapratidin/media/media_files/2025/04/23/Lg0gwqkRppbFQoa7VnIk.jpg)
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ২৪ ঘণ্টা নহওঁতেই বাৰামুল্লাত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুই পাক সন্ত্ৰাসবাদী। অবৈধভাৱে ভাৰাতত অনুপ্ৰবেশৰ চেষ্টা কৰাৰ সময়তে এই দুই সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ হাতত নিহত হৈছে। পেহেলগাম আক্ৰমণৰ পাছতে ভাৰতত অনুপ্ৰবেশৰ চেষ্টা চলোৱা এই দুই নিহত সন্ত্ৰাসবাদীৰ সেই আক্ৰমণৰ সৈতে কিবা সম্পৰ্ক আছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এক্সত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, বাৰামুল্লাৰ অ’ পি টিক্কাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি সংঘটিত হয় য’ত দুজন সন্ত্ৰাসবাদী নিহত হয়। চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে। সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে সেনাৰ অভিযান।
ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছৰ এক্স হেণ্ডেলৰ পৰা খবৰ পোৱা গৈছিল যে বাৰামুল্লাৰ উৰি নল্লাৰ সাধাৰণ এলেকা চাৰ্জিৱানৰ মাজেৰে প্ৰায় ২-৩ জন অচিনাক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। ফলত দুয়োফালৰ পৰা গুলীচালনা হয়। এই টুইটৰ পাছতে আন এটা টুইটেৰে সেনাৰ এই একেটা হেণ্ডেলৰ পৰা জনাইছে যে দুজন সন্ত্ৰাসবাদী নিহত হৈছে।
উল্লেখযোগ্য যে পেহেলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু অঞ্চলক হাই এলাৰ্টত ৰখা হৈছে। আক্ৰমণৰ লগে লগে ভাৰতীয় সেনাই সন্ত্রাসবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰিছে। পৰ্যটকৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ অনন্তনাগৰ পেহেলগামত সেনা আৰক্ষীয়ে যৌথ অভিযান অব্যাহত ৰাখিছে।
Update: OP TIKKA, Baramulla
— Chinar Corps🍁 - Indian Army (@ChinarcorpsIA) April 23, 2025
Heavy exchange of fire between security forces and terrorists, two terrorists have been eliminated, infiltration bid foiled by the security forces in the ongoing Operation. Large quantity of weapons, ammunition and other war-like stores have been…