
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এ আৰ ৰহমানৰ এক ভিডিঅ'। এই ভিডিঅ'টো তামিল ছবিজগতৰ এক বঁটা বিতৰণী অনুষ্ঠানৰ । 'পোন্নিয়িন ছেলবন-২' ৰ গীত পৰিচালনা কৰা এ আৰ ৰহমানে বঁটা গ্ৰহণ কৰাৰ সময়ত পত্নীৰ লগত মঞ্চলৈ আহি ভাষণ দিয়ে।
এ আৰ ৰহমানে কথা কোৱাৰ পাছতে মাইকটো তেওঁৰ পত্নীলৈ আগবঢ়াই দিয়ে। লগতে কয় যে, ''হিন্দী নহয়, তামিলত কথা কোৱা''।
লগে লগে এ আৰ ৰহমানৰ পত্নীয়ে কয় যে, তেওঁ তামিলত ভালদৰে কথা ক'ব নাজানে। সেয়ে তেওঁ ইংৰাজীত কথা ক'ব। তেওঁ কয় যে, এ আৰ ৰহমানৰ কণ্ঠ তেওঁৰ প্ৰিয় আৰু সেই কণ্ঠৰেই তেওঁ প্ৰেমত পৰিছিল।
উল্লেখ্য যে, এ আৰ ৰহমানে বিভিন্ন ভাষাত সংগীত পৰিচালনা কৰিছে। কিন্তু তামিলৰ প্ৰতি তেওঁৰ এক বিশেষ টান আছে। এ আৰ ৰহমানৰ এই ভিডিঅটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।