শ্বাসৰূদ্ধকাৰী পৰিৱেশ দেশৰ ৰাজধানী দিল্লীত...

author-image
Asomiya Pratidin
New Update
শ্বাসৰূদ্ধকাৰী পৰিৱেশ দেশৰ ৰাজধানী দিল্লীত...

ডিজিটেল ডেস্ক : ক্ৰমাৎ অৱনতি ঘটি গৈ আছে দেশৰ ৰাজধানী দিল্লী চহৰৰ পৰিৱেশ । ইয়াৰ সৈতেই বৃদ্ধি পাই গৈ আছে বায়ুৰ গুণাগুণ সূচাংকৰ মাত্ৰা । বৃহস্পতিবাৰে পুৱা দিল্লীৰ সূচাংকই দেখুৱাই ৪২৬, আনহাতে একে দিনাই দেশৰ আন এখন চহৰ গুৱাহাটীৰ সূচাংক ৪৭ । ইয়াৰ পৰাই অনুমান কৰিব পাৰি কেনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজত উশাহ ল'ব লগীয়া হৈছে দিল্লীৰ নাগৰিকে ।

Advertisment

প্ৰায় প্ৰত্যেকটো বছৰেই বৃদ্ধি পায় অহা বায়ু প্ৰদুষণৰ ফলত ক্ৰমান্বয়ে অৱনতি ঘটি আহিছিল দিল্লীৰ বতৰৰ  আৰু শেহতীয়া প্ৰতিবেদন অনুসৰি, বৃহস্পতি বাৰে এই পৰিৱেশে স্পৰ্শ কৰে বিগত ৫ বছৰৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা । এই ক্ষেত্ৰত যেন সম্পূৰ্ণৰূপে বিফল কেন্দ্ৰীয় আৰু দিল্লীৰ ৰাজ্যিক চৰকাৰ ।

অৱশ্যে কেৱল দেশৰ ৰাজধানীবাসী ৰাইজৰ বাবেই যেন হোৱা নাই এনে শোচনীয় পৰিস্থিতিৰ । নিকটৱৰ্তী ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাত প্ৰতি বছৰেই শীতৰ সময়ছোৱাত হেজাৰ হেজাৰ বিঘাৰ খেতিপথাৰ সমূহত অগ্নি সংযোগ কৰা হয় ধানৰ নৰাত । যাৰ ফলত সৃষ্টি হোৱা ধোঁৱাক ভৌগোলিক কাৰণত বতাহে লৈ আহে দিল্লীলৈ ।

একেই কাৰণতে দিল্লীত বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১০ বজালৈ দেখা গ'ল ধোঁৱা আৰু নিয়ৰৰ এক ডাঠ তৰপ । উল্লেখ্য যে, দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংকই ৪২৬ স্পৰ্শ কৰাৰ সৈতেই আশংকা কৰা হৈছে হৃদযন্ত্ৰ আৰু হাওঁ-ফাওঁৰ ৰোগৰ আগমণৰ ।

ইতিমধ্যেই বহু নাগৰিকে ব্যক্ত কৰিছে শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ কথা । আনহাতে, এই পৰিস্থিতিৰ বাবে সকলোতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব স্কুলীয়া শিক্ষাৰ্থী আৰু জ্যেষ্ঠ লোকসকল ।

delhi india